শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সবিশেষ…

ডিজিটেল ডেস্কঃ আগন্তুক ২ আগষ্টৰ পৰা ৩১ আগষ্টলৈ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ পঞ্জীয়ন আৰম্ভ হ’ব। সম্পূৰ্ণ অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পঞ্জীয়ন প্ৰক্ৰিয়া। পূৰ্বৰৰ দৰেই এইবাৰো বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত কাট অফ মাৰ্কচৰ ভিত্তিত নামভৰ্তি হ’ব। সেই অনুসৰি দ্বাদশ শষ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তিনিটা বা চাৰিটা বিষয়ত লাভ কৰা শতাংশ নম্বৰৰ এক সৰ্বনিম্ন শতাংশ প্ৰতিটো বিভাগৰ বাবে ধাৰ্য কৰা হ’ব। সেই নম্বৰ বা তাৰ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়সমূহৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব।

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় ৭০ খন মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ নামভৰ্তিৰ বাবে ২ আগষ্টৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন প্ৰক্ৰিয়া। এই মহাবিদ্যলয়সমূহত মুঠ ৭০ হাজাৰ আসন আছে। মাত্ৰ কেইটামান স্নাতক বিভাগত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে অধিকাংশ বিষয়ত কাট অফ মাৰ্কচৰ জৰিয়তেই নামভৰ্তি অনুষ্ঠিত হ’ব।

কাট অফ মাৰ্কচ প্ৰকাশ পাছত বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহত ২৬ জুলাইৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি