প্রধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ…

প্রধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, দেশৰ প্রধানমন্ত্ৰী অথবা ৰাজনৈতিক নেতা সকলক প্ৰাণে মৰাৰ ভাবুকি দিয়া বহু লোকক মাজে সময়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা খবৰ পোহৰলৈ আহে। তেনে এক ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে ভাৰতত। দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে হত্যাৰ ভাবুকি দিয়া যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খজুৰী খাচ থানাৰ আৰক্ষীয়ে এই ঘটনাৰ মুল অভিযুক্ত ছলমান নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা ২২ বছৰ বয়সীয়া ছলমান নামৰ যুৱকজনে আৰক্ষীক ফোন কৰি প্ৰধানমন্ত্ৰী মোডীক প্ৰাণে মৰাৰ ভাবুকি দিছিল। আৰু তাৰপাছতে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই ইতিমধ্যে যুৱকজনৰ সৈতে সোধা-পোছা কৰি আছে। আৰক্ষীয়ে জনোৱা মতে, যুৱককজনে ফোন কৰি কয় যে- 'মই মোডীক মাৰি পেলাম।'। লগতে আৰক্ষীয়ে জনাই যে, অভিযুক্তজন জামিনত জে'লৰ পৰা বাহিৰলৈ আহিছে। যুৱকজনৰ বিৰুদ্ধে বৰ্তমানলৈ বহু গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে, এই বৰ্ষৰ জানুৱাৰীতো দিল্লীত আন এজন ব্যক্তিয়ে আৰক্ষীক ফোন কৰি প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি দিছিল। ব্যক্তিজনে ফোন কৰি আৰক্ষীক কৈছিল যে প্ৰধানমন্ত্ৰী মোডীক মাৰিবলৈ ৩০ কোটি টকাও দিব। আৰক্ষীয়ে এই ফোন কৰা ব্যক্তি জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, এই অভিযুক্ত ব্যক্তিজনৰ নাম পিন্টু সিং। তেওঁৰ বয়স ৩০ বছৰ। ক'ৰ্পৰেট বিভাগৰ কাম কৰা পিন্টু দিল্লীৰ সাগৰপুৰ এলেকাৰ নিবাসী। যুৱকজনে সুৰাসক্ত অৱস্থাত আৰক্ষীক ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি দিছিল। সোধা-পোছা কৰাৰ পাছত এই কথাও পোহৰলৈ আহে যে, ব্যক্তিজন মানসিক ৰোগী আৰু তেওঁৰ চিকিৎসা অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in