স্কুটী আৰোহীৰ ভাবুকিঃ চালান কাটিলে মই আত্মহত্যা কৰিম…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ  নতুন যান-বাহন আইন কাৰ্যকৰী কৰাৰ পৰাবাহন চলোৱাৰ সময়ত আইন উলংঘা কৰা চালকে ভৰিব লগা হৈছে বৃহৎ পৰিমানৰ জৰিমনা। কিয়নোপূৰ্বৰ তুলনাত বৰ্তমান যান-বাহন আইন উলংঘাৰ বাবে ভৰিব লগা জৰিমনাৰ হাৰ বৃদ্ধি কৰাহৈছে।

তাৰমাজতে দিল্লীত সংঘটিত হৈছে এই আজৱঘটনা। এগৰাকী মহিলা স্কুটী আৰোহীয়ে চালান কটাৰ বাবে যান-বাহন আৰক্ষীৰ ওপৰতহেলমেটেৰে আক্ৰমণ কৰাৰ লগতে আত্মহত্যাৰো ভাবুকি দিয়ে। এই ঘটনাৰ এটা ভিডিঅ'ওইতিমধ্যে ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হয়শনিবাৰে। স্কুটী আৰোহীগৰাকীয়ে নিজৰ হেলমেটটো পথত দলিয়াই দি আত্মহত্যা কৰাৰ ভাবুকিপ্ৰদান কৰে। ঘটনা সন্দর্ভত আৰক্ষীয়ে জনাইছে যে, স্কুটী চলোৱা সময়ত মহিলাগৰাকীয়েম'বাইল কথা পাতি আছিল। তাৰপাচত আৰক্ষীয়ে যেতিয়া চালান কাটিবলৈ গাড়ীখন পথৰ কাষলৈনিবলৈ দিয়ে তেতিয়া মহিলাগৰাকীয়ে তৰ্ক কৰিবলৈ আৰম্ভ কৰে।

জানিব পৰা মতে, মহিলাগৰাকীয়ে স্কুটীখনসেই স্থানৰ পৰা নিয়াৰ চেষ্টা চলাইছিল যদিও, আৰক্ষীৰ লোকে আগত ৰৈ থাকে। বহু সময়ৰপাছত অৱশেষত আৰক্ষীয়ে মহিলাগৰাকীক পৰৱৰ্তী সময়ত সচেতন হ'বলৈ সকীয়াই দি যাবলৈ দিয়ে।

উল্লেখ্য যে, ১ ছেপ্টেম্বৰ, ২০১৯ৰ পৰাকাৰ্যকৰী হৈছে এই নতুন যান-বাহন নিয়ম। নতুন যান-বাহন নিয়ম কাৰ্যকৰী কৰাৰ লগতেবৃদ্ধি কৰা হৈছে জৰিমনাও। বৰ্তমানলৈ বহু বাহন চালকে ২০-২৫ হাজাৰৰ পৰা ২-৩ লাখ টকাপৰ্যন্ত জৰিমনা ভৰিব লগা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in