নতুন দিল্লীৰ বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ বিৰুদ্ধে বিজেপি, কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব…

নতুন দিল্লীৰ বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ বিৰুদ্ধে বিজেপি, কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব…
  • দিল্লীৰ বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • নতুন দিল্লী বিধানসভা সমষ্টিত কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব সুনীল যাদৱে।
  • শীৰ্ষ নেতৃত্বই ঘোষণা কৰিলে সুনীল যাদৱৰ নাম।
  • ইতিমধ্যে প্ৰায়বোৰ দলে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা।
  • কংগ্ৰেছে প্ৰকাশ কৰিছে ৫টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাৰ নাম।
  • মাদীপুৰত কংগ্ৰেছৰ পাৰ্থী হ'ব জয় প্ৰকাশ পৱাৰ।
  • বিকাশপুৰীত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে মুকেশ শৰ্মাৰ নাম ঘোষণা।
  • বিজৱাছন বিধানসভা সমষ্টিত প্ৰবীণ ৰাণাক টিকট দিছে কংগ্ৰেছে।
  • মেহৰোলী সমষ্টিত মোহিন্দৰ চৌধুৰীক আৰু পৰৱেজ হাছমীক ওখলা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
  • ইয়াৰ পূৰ্বে কংগ্ৰেছে ৭টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল।
  • নতুন দিল্লী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰমেশ ছভৰৱালক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in