দিল্লী ডেয়াৰডেভিলছৰ নতুন নাম হ’ব দিল্লী কেপিটেলছ

দিল্লী ডেয়াৰডেভিলছৰ নতুন নাম হ’ব দিল্লী কেপিটেলছ

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০১৯ৰ প্ৰাক মুহূৰ্তত দিল্লী ডেয়াৰডেভিলছৰ স্বত্বাধিকাৰ জি এম আৰ গ্ৰুপছ আৰু জে এছ ডব্লিউ স্পৰ্টছে দলটোৰ নাম সলনি কৰিছে৷ দিল্লী ডেয়াৰডেভিলছক দিল্লী কেপিটেলছ হিচাপে নামাকৰণ কৰা হৈছে৷ দলটোৰ কৰ্তৃপক্ষই মঙলবাৰে এক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে দলটোৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰাৰ লগতে দলৰ বাবে এক নতুন লগ'ও মুকলি কৰে৷

উল্লেখ্য যে বিগত প্ৰায় ৯টা আই পি এল ছিজনত দিল্লী ডেয়াৰডেভিলছৰ প্ৰদৰ্শনে অনুৰাগীসকলক সন্তুষ্ট কৰিব পৰা নাই৷ আই পি এলৰ প্ৰথম কেইটামান চিজনত দলটোৰে ৰেংকিং তালিকাৰ শীৰ্ষলৈ উন্নীত হোৱাৰ লগতে বিজয়ীৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী ছিজন সমূহত দলটো ম্লান পৰা পৰিলক্ষিত হৈ আহিছে৷

শেষতীয়াকৈ বিগত বৰ্ষৰ ছিজনত শ্ৰেয়ছ আয়াৰৰ নেতৃত্বাধীন দিল্লী ডেয়াৰডেভিলছে কিছু উন্নত প্ৰদৰ্শন কৰে যদিও সেয়াই দলটোৰ বাবে যথেষ্ট নাছিল৷ ইয়াৰ পিছতেই দলটোৰ নাম সলনি কৰি পৰৱৰ্তী আই পি এলত দলটোক ন উদ্যম দিয়াৰ চিন্তা কৰিছে দিল্লী ডেয়াৰডেভিলছৰ স্বত্বাধিকাৰ জি এম আৰ গ্ৰুপছ আৰু জে এছ ডব্লিউ স্পৰ্টছে৷

ইফালে, দলটোৰ নাম আৰু লগ'ৰ লগতে খেলুৱৈৰো সাল সলনি কৰা বুলি জানিব পৰা গৈছে৷ স্বত্বাধিকাৰে শ্ৰেয়ছ আয়াৰৰ হাততে দলটোৰ নেতৃত্বৰ ভাৰ পুনৰ এবাৰ প্ৰদান কৰিছে৷ এইবাৰ দলটোত চুক্তিবদ্ধ কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ 'গব্বৰ' খ্যাত ক্ৰিকেটাৰ শিখৰ ধাৱানক৷ তদুপৰি যুৱ ক্ৰিকেটাৰ ঋষভ পন্ট আৰু পথ্বী শ্ব'ক ৰিটেন কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in