যোৱা ২৪ ঘন্টাত দিল্লীত ১৩ সহস্ৰাধিক কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত দিল্লীত ১৩,৪৬৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। এই সংখ্যা ৰাজ্যখনত বৰ্তমানলৈ এদিনৰ ভিতৰত নতুনকৈ সংক্ৰমিত হোৱা লোকৰ সৰ্বাধিক। ইয়াৰ পাছতে দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৰ্তমানলৈ ৭৫০১৫৬জনলৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘন্টাত দিল্লীত কোৰোনাত মৃত্যু হৈছে ৮১জন লোকৰ। আৰু এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হৈছে ১১৪৩৬জন লোকৰ। আৰু যোৱা ২৪ ঘন্টাৰ সময়ত ৰাজ্যখনত সুস্থ হৈছে ৭৯৭২জন লোক। এতিয়ালৈকে ৰাজ্যখনত আৰোগ্য হৈ ঘৰলৈ উভতিছে ৬৯৫২১০জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in