দিল্লীত অসহায় কেজৰিৱাল…

দিল্লীত অসহায় কেজৰিৱাল…

ডিজিটেল ডেস্কঃ উত্তৰ পূব দিল্লীৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি এনে ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ জগৰীয়া বুলি মন্তব্য কৰে। তেওঁ কয় যে ঘটনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় আৰক্ষীৰ ওচৰত ক্ষমতা নাই। ওপৰৰ পৰা আদেশ অহালৈকে তেওঁলোকে অপেক্ষা কৰিবলগা হয়।

সংবাদ মেল সম্বোধন মকৰি কেজৰিৱালে কয়, 'পৰিস্থিতিৰ যিধৰণে অৱনতি ঘটিছে, সেয়া উদ্বেগজনক। হিংসাৰ দ্বাৰা কোনো সমাধান লাভ নহয়। সকলোৱে শান্তি বৰ্তাই ৰখা উচিত। যিসকল নিহত হৈছে তেওঁলোকো আমাৰেই মানুহ। পৰিস্থিতি বৰ্তমান ভাল নহয়।' লগতে তেওঁ কয়, 'আজি মই এই ঘটনা সন্দৰ্ভত বিধায়কৰ এক বৈঠক আহ্বান কৰিছিলো, য'ত সকলো বিধায়কেই উপস্থিত আছিল। আহত সকলৰ চিকিৎসাৰ বাবে চিকিৎসালয়ক নিৰ্দেশ দিয়া হৈছে। সকলোৰে এটাই অভিযোগ যে আৰক্ষীৰ সংখ্যা সীমিত। আৰক্ষীৰ নিম্ন স্তৰত তদন্ত কৰাৰ অধিকাৰ নাই। এনে পৰিস্থিতিত দিল্লীৰ সীমান্ত চীল কৰা প্ৰয়োজন। বাহিৰৰ পৰা মানুহ আহি এনে ঘটনা সংঘটিত কৰিছে।'

ইফালে দিল্লীৰ ঘটনা সন্দৰ্ভত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ ৰাজ্যপাল অনিল বৈজলৰ লগতে অন্য দলৰ নেতা আৰু জন প্ৰতিনিধিসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে, উত্তৰ পূব দিল্লীত সোমবাৰে নিশা 'কা' বিৰোধী প্ৰতিবাদত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ঘটনাত কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হৈছিল বহু কেইজন। ঘটনাক গুৰুত্ব সহকাৰে লৈ নিশাই এক বৈঠকৰ আহ্বান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, নিশাৰ এই বৈঠকত অমিত শ্বাহে দিল্লীৰ আইন ব্যৱস্থাৰ বুজ লয় আৰু ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ লগতে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in