‘চুটি কাপোৰ পিন্ধা ছোৱালীক বলাৎকাৰ কৰিব লাগে বুলি কোৱা মহিলাগৰাকীয়ে কিয় পিন্ধিলে চুটি কাপোৰ…?’

‘চুটি কাপোৰ পিন্ধা ছোৱালীক বলাৎকাৰ কৰিব লাগে বুলি কোৱা মহিলাগৰাকীয়ে কিয় পিন্ধিলে চুটি কাপোৰ…?’

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ক লৈ এতিয়া খুবেই চৰ্চা। ৯ মিনিটৰ এই ভিডিঅ'টো শিৱানী গুপ্তা নামৰ এগৰাকী যুৱতীয়ে প্ৰকাশ কৰিছিল ফেচবুকত। শিৱানীৰ অভিযোগ ভিডিঅ'টোত থকা  মহিলা গৰাকীয়ে  চুটি কাপোৰ পৰিধান কৰা যুৱতীক বলাৎকাৰ কৰিব লাগে বুলি মন্তব্য কৰিছিল । তাৰপাছতেই যুৱতীগৰাকীয়ে মহিলাগৰাকীক ৰেষ্টুৰেন্টৰ ভিতৰলৈ আহি এই মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ কৈ ম'বাইল বন্দী কৰিছিল এই দৃশ্য। নতুন দিল্লীৰ গুৰগাঁৱৰ এটা মলৰ ভিতৰত এগৰাকী মধ্যবয়সীয়া মহিলাৰ সৈতে হোৱা তৰ্ক-বিৰ্তকই শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিছে।

ৰ্ক-বিৰ্তকৰ পাছতো কিন্তু মহিলাগৰাকীয়ে ক্ষমা নুখুজিলে। বৰঞ্চ ভিডিঅ' যোগে যুৱতী কেইগৰাকীৰ পিতৃ-মাতৃক তেওঁলোকক নিয়ন্ত্ৰণৰ বাবেহে আহ্বান জনালে। আদহীয়া মহিলাগৰাকীক যুৱতী কেইগৰাকীয়ে তেওঁলোকৰ ওচৰত ৰেষ্টুৰেন্টৰ চিচিটিভি ফুটেজ আছে বুলি মন্তব্য কৰি আৰক্ষীক মতাৰো ভাবুকি দিছিল। কিন্তু এতিয়ালৈকে দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত লাভ কৰা নাই কোনো অভিযোগ। অৱশ্যে মহিলাগৰাকীৰ এই ভিডিঅ' ৰাজহুৱা কৰা হৈছিল ছ'চিয়েল মিডিয়াত।

বুধবাৰৰ এই ঘটনাৰ পাৰ হ'ল যদিও এই বিষয়ক লৈ অটল আছে শিৱানী। শিৱানীয়ে বৃহস্পতিবাৰে নিজৰ ফেচবুক একাউন্টত আপলোড কৰিছে মহিলা গৰাকীৰ এখন ফটো। ফটোখনত মহিলা গৰাকীয়ে পৰিধান কৰি আছে এযোৰ চুটি কাপোৰ। শিৱানীয়ে মন্তব্য কৰিছে যে, বিৰ্তকৰ পাছতেই নিজৰ ফেচবুক একাউন্ট ডিলিট কৰিছে মহিলাগৰাকীয়ে। কিন্তু চতুৰ শিৱানীয়ে চেভ কৰি ৰাখিছিল কিছু ফটো। মহিলাগৰাকীৰ এই ফটোখন আপলোড কৰি শিৱানীয়ে লিখিছে- আন্টিক দেখি মই আচৰিত হৈছো, এই গৰাকী সেই গৰাকীয়েই নে? তেও এনে পোছাকত!'

উল্লেখ্য যে, শিৱানীয়ে ছচিয়েল মিডিয়া যোগে ভিডিঅ'টো আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰিছিল। নৱপ্ৰজন্মৰ বহুতে সমৰ্থন জনাইছিল শিৱানীক। ইফালে ইষ্টাগ্ৰামত শিৱানীয়ে আপলড কৰা ভিডিঅ'টো ডিলিট কৰিছে ইষ্টাগ্ৰামে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in