ৰাম আৰু কৃষ্ণ যদি তোমাৰ পূৰ্বপুৰুষ, তেন্তে তেওঁলোকৰ বিষয়ে কিয় পঢ়োৱা নহয়ঃ দিল্লীৰ মন্ত্ৰীৰ বিতৰ্কিত টুইট

ৰাম আৰু কৃষ্ণ যদি তোমাৰ পূৰ্বপুৰুষ, তেন্তে তেওঁলোকৰ বিষয়ে কিয় পঢ়োৱা নহয়ঃ দিল্লীৰ মন্ত্ৰীৰ বিতৰ্কিত টুইট

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে কৰা এটা টুইটক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দিল্লীৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে কৰা বিতৰ্কিত টুইটটোৰ পিছত ছ'চিয়েল মাধ্যমত বিভিন্নজনে মন্ত্ৰীগৰাকীক সমালোচনা কৰাও পৰিলক্ষিত হৈছে।

গৌতমে টুইটাৰত ভগৱান ৰাম আৰু কৃষ্ণক যদি পূৰ্বপুৰুষ বুলি মনা যায়, তেন্তে তেওঁলোকৰ বিষয়ে কিয় পাঠ্যপুথিত পঢ়োৱা নহয় বুলি প্ৰশ্ন কৰিছে। তেওঁ লিখিছে- 'ৰাম আৰু কৃষ্ণ তোমালোকৰ পূৰ্বপুৰুষ যদি হয়, তেন্তে তেওঁলোকৰ বিষয়ে কিয় পঢ়োৱা নহয়? পূৰ্বপুৰুষসকলৰ ইতিহাস থাকিলেও তাৰ কোনো প্ৰমাণিক ইতিহাস নাই। এই সকলোবোৰ পৌৰাণিক কাহিনী, ঐতিহাসিক নহয়।'

আনহাতে টুইটটোত 'দ্ৰাবিড়িয়ান মুভমেন্ট'ৰ পিতৃস্বৰূপ পেৰিয়াৰৰ বিষয়ে উল্লেখ কৰি তেওঁ লিখিছে- '… কিন্তু পেৰিয়াৰৰ দৃষ্টিভংগী তথ্য আৰু যুক্তিৰ আধাৰত আছিল।'

উল্লেখ্য যে, মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ এই টুইট ভাইৰেল হৈ পৰাৰ পিছতে তেওঁ টুইটটো ডিলিট কৰে। কিন্তু এগৰাকী মন্ত্ৰীয়ে কৰা এনে মন্তব্যই এতিয়া ছ'চিয়েল মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in