শেহতীয়া খবৰ
সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....

ভয়ংকৰ ! দীপাৱলীৰ পূৰ্বে বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ু….

ডিজিটেল ডেস্কঃ  বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ সময়তে ৰাজধানী  দিল্লীৰ পৰা আহিছে ভয়ংকৰ খবৰ। ক্ৰমাৎ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। বিগত দুটা দিন ধৰি দিল্লীৰ বায়ুৰ ওপৰত নিৰীক্ষণ কৰি থকা হৈছিল। কিন্তু আশ্চৰ্য জনক ভাৱে বিগত দুটা দিনত ক্ৰমান্বয়ে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। বায়ু গুণমান সূচক অনুসৰি দিনক দিনে লেতেৰা হৈছে ৰাজধানীৰ বতাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে  সদৰী কৰা মতে ৩ নৱেম্বৰ অৰ্থাৎ বুধবাৰৰ দিনটোত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি যোৱাৰ আশংকা আছে।

এইদৰে বায়ুৰ মানদণ্ড হ্ৰাস পাই থাকিলে  ৪ নৱেম্বৰ পৰা ৬ নৱেম্বৰ পৰ্যন্ত  দিল্লীত বায়ুৰ মানদণ্ড অধিক হ্ৰাস পাব।দীপাৱলীৰ সময়ত দেশত প্ৰায় বোৰ স্থানতেই বায়ু প্ৰদূষণ হোৱা দেখা যায় । দীপাৱলীত ফুটোৱা ফটকা বোৰক ইয়াৰ প্ৰধান কাৰণ বুলি ধৰা হয়।বায়ু প্ৰদূষণ আৰু জীৱকুলৰ প্ৰতি লক্ষ্য কৰি  এইবাৰ কিছু কিছু ঠাইত ফটকা ফুটোৱাত নিষেধাজ্ঞা দিয়া হৈছে ।কিন্তু দীপাৱলীৰ পূৰ্বেই ৰাধানী দিল্লীৰ বায়ু এইদৰে  বিষাক্ত  হৈ উঠাক লৈ চিন্তিত হৈ পৰিছে বিভাগটো।যদি এইদৰে থাকে তেনেহ’লে আগন্তক দীপাৱলীত অধিক বিপদত পৰিব পাৰে দিল্লীৰ জনসাধাৰণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি