জাৰ্মানীৰ পৰা ২৩ টা অক্সিজেন জেনেৰেশ্যন প্লান্ট ভাৰতলৈ অনা হ’বঃ প্ৰতিৰক্ষা মন্ত্ৰালয়

জাৰ্মানীৰ পৰা ২৩ টা অক্সিজেন জেনেৰেশ্যন প্লান্ট ভাৰতলৈ অনা হ’বঃ প্ৰতিৰক্ষা মন্ত্ৰালয়

ডিজিটেল ডেস্কঃ ভাৰতত দ্ৰুত গতিত সংক্ৰমিত হৈ আছে মহামাৰী কোৰোনা। কালৰূপী কোৰোনাক প্ৰতিহত কৰিবলৈ দেশৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ আছে যদিও সেয়া ধুৰূপ। কাৰণ দেশৰ চিকিৎসালয় সমূহ ক্ৰমাৎ নাটনি হৈ আছে অক্সিজেনৰ।

জানিব পৰা মতে, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰ্মানীৰ পৰা ভাৰতলৈ ২৩ টা ম'বাইল অক্সিজেন জেনেৰেশ্যন প্লান্ট বিমানেৰে আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি সেই প্ৰতিটো প্লান্টত প্ৰতি মিনিটত ৪০ লিটাৰ আৰু প্ৰতি ঘন্টাত ২৪০০ লিটাৰ মেডিকেল অক্সিজেন উৎপাদন কৰিব পাৰে। যদি প্ৰকৃতকে এই তথ্য সত্য হয়, তেন্তে দেশৰ স্বাস্থ্য বিভাগ অক্সিজেনৰ নাটনিৰ হোৱাৰ পৰা অকনমান হ'লেও সকাহ পাব বুলি আশা কৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in