দলগাঁৱত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হৰিণ উদ্ধাৰ

দলগাঁৱত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হৰিণ উদ্ধাৰ

ডিজিটেল সংবাদ, দলগাঁওঃ বনাঞ্চল ধ্বংসৰ লগে লগে দুৰ্যোগ যেন নামি আহিছে বন্য জীৱ-জন্তুৰ বাবে। খাদ্য আৰু বাসস্থানৰ সন্ধানত প্ৰায়ে বনৰীয়া জীৱ-জন্তুৱে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি আহিছে। তেনেদৰে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা হৰিণ দেওবাৰে দৰঙৰ দলগাঁৱত ৰাইজে উদ্ধাৰ কৰে।

জানিব পৰা মতে, দেওবাৰে পুৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা হৰিণ পোৱালি দলগাঁও হৰিজনবস্তি প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ এঘৰত সোমোৱা প্ৰত্যক্ষ কৰি একাংশ ৰাইজে হৰিণটোক আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ হৰিণটো উদ্ধাৰ কৰি লৈ যায়।

ইফালে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হৰিণ পোৱালিটো চাবলৈ দেওবাৰে পুৱাৰে পৰা অংসখ্য লোকৰ সমাগম ঘটে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও দলগাঁৱত ৰাইজে হৰিণ উদ্ধাৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in