বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু…

বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু…

ডিজিটেল সংবাদ,বিহপুৰীয়া : দেওবাৰে বিয়লি বিহপুৰীয়াৰ এগৰাকী কভিড আক্ৰান্ত মহিলাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷ বিহপুৰীয়া নগৰৰ ন নম্বৰ ৱাৰ্ডৰ বিষ্ণু কটকীৰ পত্নী মা মিৰা কটকী(৬৫) কভিড আক্ৰান্ত হৈ হোম আইচ'লেচনত থকাৰ পাছত স্বাস্থ্যৰ অধিক অবনতি ঘটাত যোৱা শুকুৰবাৰে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷

বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী মা মিৰা কটকীৰ বিয়োগত বিহপুৰীয়াত গভীৰ শোকৰ ছাঁ পৰিছে ৷ কিছুদিন পুৰ্বে পতি পত্নী দুয়ো কোভিডত আক্ৰান্ত হৈছিল ৷ উল্লেখযোগ্য যে বৰ্তামনলৈকে বিহপুৰীয়াত শতাধিক কভিড ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে এজন ৰোগীৰ মৃত্যু ঘটিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in