গহপুৰৰ ঘাহিগাঁৱত মৃতদেহ উদ্ধাৰ

গহপুৰৰ ঘাহিগাঁৱত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ ঘাহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ছয়দুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা ঘূলিত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহ উদ্ধাৰ হোৱাৰ স্থানৰ কাষতে চাইকেল আৰু এযোৰ চেণ্ডেল পৰি থকা দেখা পাই স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। বাতৰি লিখা পৰলৈকে মৃতদেহটো চিনাক্ত হোৱা নাই।

একাংশ লোকে মৃতদেহটো মাছমৰীয়াৰ বুলি সন্দেহ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in