খানাপাৰত পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা পিতৃ-কন্যাৰ অন্ত্যোষ্টিক্ৰিয়া শিৱসাগৰত আজি

খানাপাৰত পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা পিতৃ-কন্যাৰ অন্ত্যোষ্টিক্ৰিয়া শিৱসাগৰত আজি

ডিজিটেল সংবাদ, শিৱসাগৰঃ দেওবাৰে নিশা খানাপাৰৰ গ্ৰীন উড ৰিজৰ্টত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল সঞ্জীৱ বৰুৱা আৰু তেওঁৰ জ্যেষ্ঠ কন্যা দৰ্শনা বৰুৱাৰ৷ বৰ্তমান খানাপাৰাৰ হেলচিটিত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সঞ্জীৱ বৰুৱাৰ পত্নী মিনতী বৰুৱা আৰু কনিষ্ঠ কন্যা দীক্ষা বৰুৱাৰ লগতে চালক সুমনজিৎ চলিহা৷

উল্লেখ্য যে, দেওবাৰে পুৱাৰ ভাগত এএছ-০১ বিডি-৪৪৩২ নম্বৰৰ জাইল' বাহনখনেৰে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহিছিল সঞ্জীৱ বৰুৱাৰ পৰিয়ালটো৷ গণেশ মন্দিৰ পাৰ হৈ গ্ৰীণ উড ৰিজৰ্টৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাত পৰিয়ালটো অহা জাইল' বাহনখনৰ ওপৰত বাগৰি পৰিছিল এখন কয়লা পৰিবাহী ট্ৰাক৷

এই ঘটনাত নিহত সঞ্জীৱ বৰুৱা আৰু তেওঁৰ ১২ বছৰীয়া জ্যেষ্ঠ কন্যা দৰ্শনা বৰুৱাৰ শেষকৃত্য আজি শিৱসাগৰত অনুষ্ঠিত হ'ব৷ উল্লেখযোগ্য যে, এই দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ শিৱসাগৰৰ বানমুখ চেতীয়া গাঁৱত৷ নিহত সঞ্জীৱ বৰুৱা গুৱাহাটী চিটি গেছ এজেন্সীৰ কৰ্মচাৰী আছিল৷

দীৰ্ঘদিন ধৰি দুই কন্যা আৰু পত্নীসহ গুৱাহাটীত বাস কৰা সঞ্জীৱ বৰুৱাৰ পত্নী মিনতী বৰুৱা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী৷ ইফালে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা চালক সুমনজিতৰ ঘৰ শিৱসাগৰৰে চেৰেকপাৰত৷ বছৰৰ শেষ মুহূৰ্তত সংঘটিত এই কৰুণ ঘটনাই ৰাজ্যজুৰি শোকৰ বন্যা বোৱাইছে৷ চিকিৎসকৰ মতে চিকিৎসাধীন হৈ থকা সকলৰো অৱস্থা অতি সংকটজনক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in