চামগুৰিত মৃত বন্যহস্তী উদ্ধাৰ, শালনাত প্ৰৱেশ অৰ্ধশতাধিক বন্যহস্তীৰ

চামগুৰিত মৃত বন্যহস্তী উদ্ধাৰ, শালনাত প্ৰৱেশ অৰ্ধশতাধিক বন্যহস্তীৰ

ডিজিটেল সংবাদ, চামগুৰিঃ বন্যহস্তীৰ সন্ত্ৰাসেৰে জৰ্জৰিত এটা অঞ্চল হ'ল চামগুৰি। বিভিন্ন সময়ত হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লৈ আহিছে নগাঁৱৰ চামগুৰিত। ইয়াৰ সমান্তৰালভাৱে এইবৰ্ষতো দিজু সংৰক্ষিত বনাঞ্চলৰ পৰা চামগুৰিৰ শালনাত ইতিমধ্যে প্ৰৱেশ কৰিছে অৰ্ধশতাধিক বন্যহস্তীয়ে।

এই সময়তে নগাঁৱৰ চামগুৰিৰ উদমাৰীৰ ঢোলপাহাৰৰ নামনি অঞ্চলত উদ্ধাৰ হৈছে এটা মৃত মখনা বন্যহস্তী। চামগুৰিৰ উদমাৰীৰ ঢোলপাহাৰৰ নামনি অঞ্চলত বৃহস্পতিবাৰে পুৱাই মৃত বন্যহস্তীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে।

তাৰ পাছতেই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত বন্যহস্তীটো খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আনহাতে মৃত হাতীটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুতি ৰখাৰ ব্যৱস্থা কৰিছে বন বিভাগে। উল্লেখ্য যে, মৃত বন্যহস্তীটোৱে দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in