পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ ৱাৰ্ণাৰৰ ত্ৰিশতক…

পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ ৱাৰ্ণাৰৰ ত্ৰিশতক…

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিড ৱাৰ্ণাৰৰ ত্ৰিশতক। পাকিস্তানৰ বিৰুদ্ধে খেলাটেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত ৱাৰ্ণাৰে ত্ৰিশতক কৰিলে। মেচখনত অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকীয়ে৩৩৫ৰান সংগ্ৰহ কৰে। ৱাৰ্ণাৰে এই ত্ৰিশতকৰ দ্বাৰা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়েগঢ়া অভিলেখো ভংগ কৰি দিয়ে।

অষ্ট্ৰেলিয়া আৰুপাকিস্তানৰ মাজৰ এই টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এডিলেডত অনুষ্ঠিত কৰা হয়।অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকীয়ে ৪১৮টা বলত ৩৩৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আৰু তেওঁ মেচখনত ৩৯টা ফৰ আৰু ১টা ছিক্সো মাৰে। উল্লেখ্য যে, এই ৰান সংগ্ৰহৰ পাছতঅষ্ট্ৰেলিয়াৰ আটাইতকৈ বেছি ৰান কৰা খেলুৱৈৰ তালিকাৰ দ্বিতীয় স্থানত উপনীত হ'লৱাৰ্ণাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in