পাঁচ ডিষ্টিংচনেৰে উজলিল দৌলাশাল হাইস্কুল, দুই যমজ ভাতৃৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী

পাঁচ ডিষ্টিংচনেৰে উজলিল দৌলাশাল হাইস্কুল, দুই যমজ ভাতৃৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশাল হাইস্কুলে মেট্ৰিক পৰীক্ষাৰ ফলাফলত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। বুধবাৰে ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত পাঁচগৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন লাভ কৰি বৰক্ষেত্ৰীৰ ভিতৰতে সুনাম কঢ়িয়াই আনিছে। ইয়াৰ ভিতৰত দুৰাকী যমজ ভাতৃৰ ফলাফলে অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে। খোলা বজাৰত গেলামালৰ দোকান দি জীৱন নিৰ্বাহ কৰা এটি সাধাৰণ লোক প্ৰিয়কান্ত বৈশ্যৰ এই দুই পুত্ৰ হিমাংশু বৈশ্য আৰু হৃতিকেশ বৈশ্যৰ আকৃতি, প্ৰকৃতি আৰু মেধাত সৰুৰে পৰাই যথেষ্ট মিল আছে।

প্ৰতিটো শ্ৰেণীতে দুয়ো সমান নম্বৰ লাভ কৰি আহি বুধবাৰে ঘোষিত মেট্ৰিক পৰীক্ষাটো প্ৰায় সমপৰিমাণৰ নম্বৰেৰে ডিষ্টিংচন পাবলৈ সক্ষম হয়। হিমাংশু বৈশ্যই ইংৰাজীত ৮১, অসমীয়াত ৮৪, গণিত ৯৮, বিজ্ঞান ৯৫, সমাজ বিজ্ঞানত ৯০ আৰু উচ্চ গণিতত ৮৫ নম্বৰেৰে ৮৮.৫ শতাংশ পোৱাৰ বিপৰীতে হৃতিকেশে লাভ কৰে ৮৭.৫ শতাংশ। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰবল ইচ্ছা থকা এই দুই ভাতৃৰ সাফল্যত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।

আনহাতে গণিত বিষয়ত ১০০ নম্বৰেৰে বিদ্যালয়খনৰ প্ৰথম স্থান লাভ কৰা পৰী বৈশ্যই অসমীয়া ৮৫, ইংৰাজী ৮৬, বিজ্ঞান ৮৩, সমাজ বিজ্ঞান ৯৪ আৰু উচ্চ গণিতত ৯২ নম্বৰেৰে ৯০ শতাংশ নম্বৰ লাভ কৰে। আনহাতে অতি গৰিব পৰিয়ালৰ ছাত্ৰ চানিদুল ইছলাম আৰু চুমেজুদ্দিন আহমেদে ক্ৰমে ৮৭.৫ আৰু ৮৫ শতাংশ নম্বৰেৰে ডিষ্টিংচন পাবলৈ সক্ষম হয়।

এইবেলি বিদ্যালয়খনৰ পৰা ৭৯ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল। তাৰ ভিতৰত এগৰাকী ষ্টাৰ নম্বৰসহ ১৪ গৰাকীয়ে প্ৰথম, ১৯ গৰাকী দ্বিতীয় আৰু ২২ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰি মুঠ ৫৫ গৰাকীয়ে উত্তীৰ্ণ হয়। শিক্ষক-কৰ্মচাৰীৰ অভাৱত ভাৰাক্ৰান্ত হোৱা বিদ্যালয়খনৰ এই ফলাফলত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই সন্তোষ লাভ কৰে। আনহাতে বিদ্যালয়খনৰ এই সফলতাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰে। বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক খঞ্জনজ্যোতি পাঠকে আটাইকেইগৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in