দৌলাশালত ভাগৱত পাঠ আৰু ধৰ্মসভাৰ প্ৰস্তুতি

দৌলাশালত ভাগৱত পাঠ আৰু ধৰ্মসভাৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, চেঙাঃ অসম সত্ৰ মহাসভাৰ অন্তৰ্গত নলবাৰী জিলাৰ দৌলাশালস্থিত শ্ৰীশ্ৰী কানাই ব'লাই আদি থান সত্ৰত বিগত ঊনৈশ বছৰে ভাদ মাহৰ পৱিত্ৰ পূৰ্ণিমা তিথিত ভাগৱত পাঠ আৰু ব্যাখ্যা চলি আহিছে। এইবেলিও বিংশতিতম বৰ্ষৰ বাবে দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত কানাই ব'লাই আদি থান সত্ৰত ভাদ মাহৰ ২৬, ২৭ আৰু ২৮ তাৰিখে (১৩,১৪ আৰু ১৫ ছেপ্টেম্বৰ) তিনিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ধৰ্মসভাৰ আয়োজন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি ১৩ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত ঊষা-কীৰ্ত্তনেৰে আৰম্ভ হ'বলগীয়া এই মাংগলিক অনুষ্ঠানটোৰ ধৰ্মধ্বজা উত্তোলন কৰিব উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে। বন্তি প্ৰজ্বলন কৰিব সত্ৰ পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন বৰ্মনে। বৃক্ষৰোপণ কৰিব উন্নতি সাধিনী সভাৰ উপ সভাপতি অনিল নাথ আৰু সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক কামিনী নাথে।

পুৱা ৯ বজাত সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে আয়োজন কৰা ভাগৱত শোভাযাত্ৰা মুকলি কৰিব দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শান্তনু শৰ্মা পাঠকে। ভাগৱত শোভাযাত্ৰাত ভাগৱত বহন কৰিব ভকত ভগৱান বৰ্মনে।

২ঃ৪৫ বজাত ভাগৱত স্থাপন আৰু ভাগৱত পাঠৰ শুভাৰম্ভ। শ্ৰীশ্ৰী কানাই বলাই আদি থান সত্ৰৰ সত্ৰাধিকাৰ বাণীকান্ত দেৱগোস্বামীয়ে শুভাৰম্ভ কৰিবলগীয়া ভাগৱত পাঠ অনুষ্ঠান উন্মোচন কৰিব বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংসদ কুইন ওজা। তাৰ পিছৰ পৰা তিনিদিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পাঠকৰ দ্বাৰা একাদিক্ৰমে ভাগৱত পাঠ আৰু ব্যাখ্যা চলি থাকিব বুলি জানিবলৈ দিয়ে উন্নতি সাধিনী সভাৰ সম্পাদক চন্দ্ৰকান্ত বৈশ্যই।

১৫ ছেপ্টেম্বৰৰ ১২ বজাত ভাগৱত পাঠৰ সামৰণি পৰিব আৰু ২ঃ৩০ বজাত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই। দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিতব্য ধৰ্মসভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ সহঃ অধ্যাপক ভৱজিৎ বায়ন আৰু অতিথি হিচাপে উপস্থিত থাকিব কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ।

নিশা দৰঙৰ পাঠক মন্টু ডেকা আৰু তৰুণ কাকতিৰ নাগাৰা নাম উদ্বোধন কৰিব দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে। ভাগৱত পাঠ আৰু ধৰ্মসভাত সৰ্বস্তৰৰ ভকত-বৈষ্ণৱ তথা ৰাইজৰ উপস্থিতি কামনা কৰিছে উন্নতি সাধিনী সভা আৰু সত্ৰ পৰিচালনা সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in