কেৰালাৰ সোণৰ চোৰাং সৰঞ্জাম কেলেংকাৰীত ডাউদ ইব্ৰাহিম জড়িত থকাৰ সন্দেহ নিয়াৰ…

কেৰালাৰ সোণৰ চোৰাং সৰঞ্জাম কেলেংকাৰীত ডাউদ ইব্ৰাহিম জড়িত থকাৰ সন্দেহ নিয়াৰ…

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এন আই এয়ে বুধবাৰে আদালতক কয় কেৰালাৰ সোণৰ চোৰাং সৰঞ্জাম কেলেংকাৰীত ভাৰতৰ মোষ্ট ৱান্টেড ডাউদ ইব্ৰাহিমৰ দলটোৰ জড়িত থকাৰ সন্দেহৰ ভূমিকা থাকিব পাৰে। সন্ত্রাস-নিবাৰক সংস্থাটোয়ে কোৱা অনুসৰি সোণৰ সৰবৰাহ দেশবিৰোধী আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যৱহাৰ কৰা হৈছিল। সংস্থাটোৱে এই কেলেংকাৰীত অভিযুক্তৰ জামিনৰ বিৰোধিতা কৰে।

নিয়াই বিশেষ আদালতত এই কেলেংকাৰীৰ সন্দেহজনক ভূমিকাৰ তদন্ত কৰা প্ৰয়োজন বুলি ব্যক্ত কৰে । আনহাতে এই গোচৰৰ সকলো অভিযুক্তক তদন্ত আগবঢ়াবলৈ ১৮০ দিনৰ বাবে ন্যায়িক জিম্মাত ৰখাটো অতি গুৰুত্বপূৰ্ণ বুলি ব্যক্ত কৰে সংস্থাটোৱে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in