পুলিচ নে যমদূত! উলংগ কৰি ওৰে নিশা ৩ মহিলাক বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই চলালে বৰ্বৰ অত্যাচাৰ…

পুলিচ নে যমদূত!  উলংগ কৰি ওৰে নিশা ৩ মহিলাক বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই চলালে বৰ্বৰ অত্যাচাৰ…

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ ৰাজ্যত সংঘটিত হৈছে মানৱ অধিকাৰ উলংঘনৰ এক ভয়ংকৰ ঘটনা। খাকী পোছাকধাৰী আৰক্ষীয়েই উলংঘা কৰিছে মানৱাধিকাৰ। দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱাৰ অভিযোগ।

এগৰাকী যুৱতীক বাৰিগাঁওৰ ৰফুল আলি নামৰ বিবাহিত লোকজনে পলুৱাই নি লুকুৱাই ৰখাৰ পিছত ৰফুলক নাপাই তিনি ভগ্নীক আৰক্ষীয়ে উঠাই নি উলংগ কৰি ওৰে নিশা শাৰিৰীক উৎপীড়ন চলোৱাৰ অভিযোগ দাখিল কৰিছে দৰঙৰ আৰক্ষী অধীক্ষকক।

অভিযোগ মতে ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই সংঘটিত কৰে এই জঘন্য কাণ্ড। এই কাৰ্যত কনিষ্টবল বিনীতা বড়োই সহযোগ কৰা বুলি দাবী কৰে নিৰ্যাতিত পৰিয়ালটোৱে। যোৱা ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই বৰ্ষৰ কাণ্ড।

তিনি যুৱতীক গুৱাহাটীৰ সাতগাঁৱৰ পৰা উঠাই নি চলাই চলাইছিল অত্যাচাৰ। ঘটনা সন্দৰ্ভত
মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধ দৰং দৰঙৰ আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰাৰ পিছতো ভুক্তভোগী পৰিয়ালটোৱে পোৱা নাই ন্যায়। ইয়াৰ বিপৰীতে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ দৰং আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in