দৰং জিলা পথ সুৰক্ষা সমিতিৰ সভাঃ মাস্ক পৰিধান নকৰা-কোভিড প্ৰট’ক’ল অমান্য কৰিলে বিহা হ’ব জৰিমনা…

দৰং জিলা পথ সুৰক্ষা সমিতিৰ সভাঃ মাস্ক পৰিধান নকৰা-কোভিড প্ৰট’ক’ল অমান্য কৰিলে বিহা হ’ব জৰিমনা…

ডিজিটেল সংবাদ, মঙলদৈঃ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত শনিবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা । জিলাখনৰ চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰ লগতে গড়কাপ্টানী বিভাগৰ অভিযন্তা, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া আদি উপস্থিত থকা এই সভাত ট্ৰেফিক আৰক্ষী আৰু পৰিবহন বিভাগক যুটীয়াভাৱে সম্পন্ন কৰিবলৈ কিছুমান দায়িত্ব অৰ্পণ কৰা হয় ।

জিলাখনত কোভিড ৰোধৰ নীতি-নিৰ্দেশনা অমান্য কৰা সকলো লোককে জৰিমনা বিহিবলৈ এতিয়াৰে পৰা অধিক কঠোৰ হ'ব আৰক্ষী তথা পৰিবহন বিভাগ । জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই সভাত এই নিৰ্দেশ দি কয় যে মাস্ক নিপিন্ধাকৈ ৰাজহুৱা স্থানলৈ ওলাই অহা বা প্ৰতিষ্ঠানবোৰত হেণ্ড চেনিটাইজেশ্বনৰ ব‍্যৱস্থা নাথাকিলে জৰিমনা বিহাৰ ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হ'ব লাগিব।

সেইদৰে যান-বাহন চলাওঁতে মাস্ক আৰু হেলমেট পৰিধান কৰিছে নে নাই পৰিবহন বিভাগে দৃষ্টি ৰাখিব লাগিব । আনহাতে, জিলা পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণই সভাত খণ্ড পৰ্যায়ত প্ৰতিৰোধী বন্ধু নিয়োগৰ জৰিয়তে পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । অৱশ্যে জিলা দুৰ্যোগ ব‍্যৱস্থাপনা বিভাগে নিয়োজিত কৰি ৰখা প্ৰতিৰোধী বন্ধুসকলেই পৰিবহন বিভাগক সাময়িকভাৱে কাৰ্য সম্পাদনত সহায় কৰি যাব বুলি আশ্বাস প্ৰদান কৰে উপায়ুক্তই ।

জিলাখনৰ ব‍্যস্ততাপূৰ্ণ পথ তথা বজাৰ এলেকাত যান-বাহনৰ তীব্ৰ গতি ৰোধ কৰিব পৰা অস্থায়ী বেৰিকেড স্থাপন, যান-বাহনৰ গতি নিৰ্ণায়ক স্থাপন তথা চালকসকলে মদ‍্যপান কৰিছে নেকি নিৰ্ণয় কৰিব পৰা 'ব্ৰেথ এনালাইজাৰ' প্ৰয়োগক অধিক গুৰুত্ব দিবলৈ আৰক্ষী তথা পৰিবহন বিভাগক নিৰ্দেশ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে এই সভাত। খাৰুপেটীয়া আৰু ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ‍্যক্ষদ্বয় ড° বুধিন হাজৰিকা আৰু ড° প্ৰদীপ চন্দ্ৰ ডেকাই সভাখনত তেওঁলোকৰ মন্তব্য দাঙি ধৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in