হঠাৎ মঙলদৈ চিভিল হাস্পাতালত অগ্নিকাণ্ড ! তাৰপিছত….

হঠাৎ মঙলদৈ চিভিল হাস্পাতালত অগ্নিকাণ্ড ! তাৰপিছত….

ডিজিটেল সংবাদ মঙলদৈঃ বুধবাৰে ৰাতিপুৱা মঙলদৈ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় উত্তেজনা। চিকিৎসালয়খনৰ প্ৰথম মহলাত জুই প্ৰত্যক্ষ কৰিলে স্থানীয় আবাসীয়ে। লগে লগে হুৱা দুৱা লাগে চিকিৎসালয়খনত থকা ৰোগী, অভিভাৱক, কৰ্মৰত চিকিৎসক, চিকিৎসা কৰ্মী সকলোৰে মাজত উত্তেজনা।

অৱশ্যে ইয়াৰ মাজতে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক। লগে লগে অগ্নি নিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে আৰু সফল হয়। দৰাচলতে এয়া আছিল এক প্ৰদৰ্শনীমূলক মকডিলহে আছিল। চিকিৎসালয়খনত প্ৰকৃততে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা নাছিল।

দৰং জিলাৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জনসাধাৰণৰ মাজত সজাগত সৃষ্টিৰ বাবে প্ৰদৰ্শন কৰিলে এই মকডিল। অগ্নিকাণ্ডৰ সূত্ৰপাত হ'লে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে এই মকডিলৰ জৰিয়তে জনসাধাৰণৰ মাজত সৃষ্টি কৰিলে সজাগতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in