দৰঙত পুনৰ ৮০জনৰ দেহত কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ১৮১৭ জনলৈ বৃদ্ধি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মঙলদৈঃ জিলা স্বাস্থ্য বিভাগে সোমবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, সোমবাৰে দিনৰ ভাগত জিলাখনৰ ৮০ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

এই লোক সকলক ধৰি দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৮১৭ জনলৈ বৃদ্ধি পালে। আনহাতে, দেওবাৰ পৰ্যন্ত জিলাখনৰ পৰা ১২২৮ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in