দৰং জিলাত তিনিগৰাকী শিশু শ্ৰমিক উদ্ধাৰ…

দৰং জিলাত তিনিগৰাকী শিশু শ্ৰমিক উদ্ধাৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে দৰং জিলাত জিলা শিশু সুৰক্ষা গোট, জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু চাইল্ড লাইনৰ যুতীয়া অভিজানত তিনিগৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়। জিলা খনৰ খাৰুপেতীয়া অঞ্চলৰ ভিন ভিন দোকানৰ পৰা এই শিশু শ্ৰমিক কেইগৰাকীক উদ্ধাৰ কৰা হয়।

এই অভিযানকাৰী দলটোত জিলা শ্ৰম বিষয়া কাৰ্যালয়ৰ পৰিদৰ্শক অমুল্য তালুকদাৰ, শিশু সুৰক্ষা গোটৰ শিশু সুৰক্ষা বিষয়া ড০ পল্লবী শৰ্মা, অশ্বিনী বৰুৱা, গীতাঞ্জলি সুত, চাইল্ড লাইনৰ পাৰুল দেবী, প্ৰতিভা দেবী, পংকজ ডেকা, মোহন দাস উপস্থিত থাকে। শিশু শ্ৰমিক কেইগৰাকীক আজি উদ্ধাৰ কৰি অহা কালি জিলা শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰোৱা হ'ব বুলি শিশু সুৰক্ষা বিষয়া আৰু চাইল্ড লাইন বিষয়াই জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in