কুৰবানিৰ বাবে দৰঙলৈ অনা ৬ টা উট পুনৰ ঘূৰি যাব ৰাজস্থানৰ নিজ গৃহলৈ

কুৰবানিৰ বাবে দৰঙলৈ অনা ৬ টা উট পুনৰ ঘূৰি যাব ৰাজস্থানৰ নিজ গৃহলৈ

ডিজিটেল সংবাদ, মঙলদৈঃ "ৰাখে হৰি মাৰে কোনে।" এই আপ্ত বাক্য শাৰী প্ৰযোজ্য হ'ল এইবাৰ ছয় টা উটৰ ক্ষেত্ৰত৷ কুৰবানিৰ বাবে অনা ছয়টাকৈ উট পুনৰ ৰাজস্থানৰ নিজ গৃহলৈ ঘূৰি যাব। আচলতে ঈদ উপলক্ষে সুদূৰ ৰাজস্থানৰ পৰা অনা হৈছিল উট কেইটা। ঈদৰ দুদিন পূৰ্বে দৰঙৰ টাঙনি বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছিল উট ছয়টা। এটা উট প্ৰায় ৪৫ হাজাৰ টকাত বিক্ৰীও হৈছিল। বাকী ৫ টা উট বজাৰত থাকোতেই দৰং আৰক্ষীৰ ধূলা থানা ই জব্দ কৰে উট কেইটা আনহাতে বিক্ৰী হোৱা উটটো টাঙনি বজাৰৰ পৰা লৈ আনি থকা অৱস্থাত মঙলদৈ থানাৰ আৰক্ষীয়ে আটক কৰে।

ইমান দিনে মঙলদৈ আৰু ধূলা থানাত উটকেইটা ৰক্ষণাবেক্ষণ দি থকাৰ পিছত এতিয়া উট কেইটা ৰাজস্থানলৈ ঘূৰাই নিয়াৰ ব্যবস্থা কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বন্যপ্ৰাণী সুৰক্ষা বিষয়া আহি উপস্থিত হয় দৰঙত। আচলতে উটৰ বসতি স্থল হৈছে একমাত্ৰ ৰাজস্থান। ৰাজস্থানৰ পৰিবেশৰ সৈতেহে মিলিব পাৰে উট। সেয়ে ৰাজস্থানৰ পৰা আন ঠাইলৈ নিয়াৰ কোনোধৰণৰ অনুমতি নাই। যাৰ বাবে অসমত উটৰ কিনা বেচা কৰিব নোৱাৰে। এই কাম আইন মতে দণ্ডনীয়।

তেনে ক্ষেত্ৰত কেনেকৈ উটকেইটা ৰাজস্থানৰ পৰা দৰঙলৈ আনিব পাৰিলে সেইয়া তাৎপৰ্যপূৰ্ণ বিষয়।সেইয়া যি কি নহওঁক মৃত্যুৰ (কুৰবাণী) দুৱাৰ দলীৰ পৰা উভতি আহিল উট কেইটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in