প্ৰতীকি ফটো
প্ৰতীকি ফটো

দৰঙত জাৰি ১৪৪ ধাৰা…

ডিজিটেল সংবাদ, মঙলদৈঃ সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে শুকুৰবাৰে ১৪৪ ধাৰা জাৰি কৰে । এই ১৪৪ধাৰা জাৰি কৰাৰ পাছতে জিলাখনৰ ৰাইজে মানিব লাগিব বহু নীতি-নিয়ম।

এই অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা অনুষ্ঠিত কৰা, পথ অৱৰোধ কৰা, উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ, কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম, ধৰ্ণা অনুষ্ঠিত কৰা; ৫ জন বা তাতোধিক ব্যক্তি কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত থকা, ৰাষ্ট্ৰীয় ঘাইপথত সমাগম হোৱা; সাম্প্ৰদায়িক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা শোভাযাত্ৰা, সভা, প্ৰতিবাদী সভা, ধৰ্ণা, ৰেলী অনুষ্ঠিত কৰা; ৰাজহুৱা স্থানত ব্যক্তি বা দলৰ দ্বাৰা মাৰণাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ-শস্ত্ৰ, ধনু-কাড়, ডেগাৰ-তৰোৱাল, ত্ৰিশূল আদি লৈ ফুৰা আৰু প্ৰদৰ্শন কৰা; কৰ্তৃপক্ষৰ অনুমতি অবিহনে মাইকৰ ব্যৱহাৰ কৰা ; কোনো ব্যক্তি বা কাৰ্যালয়ৰ প্ৰাঙ্গন, গুদাম ঘেৰাও কৰা; ৰাজহুৱা স্থানত সভা, ৰেলী আয়োজন কৰা; চৰকাৰী গৃহ, বেৰত পোষ্টাৰ লিখন আৰু লগতে জিলাখনলৈ অথবা জিলাখনৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈকে সকলো ধৰণৰ ফেৰী , নাও আৰু ভটভটী চলাচল আৰু অত্যাধিক বোজা কঢ়িওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ।

ইয়াৰ উপৰি অসামৰিক লোকে সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব । এই নিষেধাজ্ঞা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। তদুপৰি নতুন নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব জিলাখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in