মায়ঙত ডাকোৱালে ঘৰৰ পিছফালে জ্বলাই দিলে ৩০০ATM আৰু আধাৰ কাৰ্ড…

মায়ঙত ডাকোৱালে ঘৰৰ পিছফালে জ্বলাই দিলে ৩০০ATM আৰু আধাৰ কাৰ্ড…

ডিজিটেল সংবাদ,মায়ংঃ মৰিগাঁও জিলাৰ মায়ং থানা ৰ অন্তৰ্গত বুৰা বুৰী ডাকঘৰ ৰ ডাকোৱাল মতিনাথ মণ্ডলৰ এক আজব কাণ্ডৰ খৱৰ পোহৰলৈ আহিছে।ডাকোৱাল ৰ নাভূত নাশ্ৰুত কাণ্ড দেখি মূৰে কপালে হাত দিছে ডাক ঘৰৰ অধীনস্থ ৰাইজে।দায়িত্ব জ্ঞান হীন আৰু কাণ্ডজ্ঞান হীন ডাকোৱাল মতি নাথ মণ্ডলে নিজৰ ঘৰৰ পিছফালে আজি তিনি শতাধিক লোকৰ প্ৰয়োজনীয় এ টি এম কাৰ্ড,পান কাৰ্ড,বেংক ৰ চেক বুক আৰু আধাৰ কাৰ্ড লগতে বহু গুৰুত্বপূৰ্ণ চিঠি পত্ৰ জুই লগাই পুৰি পেলাই।ডাকযোগে অহা এই নথি পত্ৰ সমূহ কি কাৰণত এনেদৰে জুই লগাই পুৰি পেলালে সেয়া ৰহস্য জনক।

ইমান দিনে জনসাধাৰণৰ নামত অহা এই প্ৰয়োজনীয় নথি সমূহ বিলাই নিদি ঘৰতে কিয় ৰাখি থব লগা হল সেয়াও লাখ টকীয়া প্ৰশ্ন।আজি অতি গোপনে ঘৰৰ পিছফালে পুৰি পেলোৱা কাৰ্ড সমূহৰ এখন ফটো অতি গোপনে কেমেৰা ত বন্দী কৰা হৈছিল।তাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা।কিন্তু এই পৰ্যন্ত কোনো মুখ খোলা নাই মতি নাথ মণ্ডলে।

বহু নিবনুৱা যুৱক যুৱতীৰ চৰকাৰী চাকৰিৰ বাবে অহা কলিং লেটাৰ পৰ্যন্ত জুইত জাহ গৈছে।ডাক ঘৰটোৰ অধীনস্থ বহু লোকে নিজৰ নামত অহা কাৰ্ড সমূহ বিচাৰি খৱৰ কৰে যদিও আহি পোৱা নাই বুলি কৈ ঘূৰাই পঠিয়াই।ৰাইজে এক জৰুৰী তদন্তৰ দাবী জনাইছে।লগতে শাস্তি বিহাৰ দাবী উত্থাপন হৈছে।জিলা উপায়ুক্ত ক এই ক্ষেত্ৰত তদন্ত কৰি শীঘ্ৰেই এই গৰাকী ডাকোৱাল ৰ বিৰুদ্ধ বিহীত ব্যৱস্থা লবলৈ ৰাইজে দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in