বানত আৱদ্ধ দাবাবিলৰ বাসিন্দা, কটাইছে দুৰ্বিসহ জীৱন, VIDEO

বানত আৱদ্ধ দাবাবিলৰ বাসিন্দা, কটাইছে দুৰ্বিসহ জীৱন, VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ চিৰাং জিলাৰ এখন গাঁও হ'ল দাবাবিল ৷ ইয়াত প্ৰায় ৮২ টা পৰিয়াল আছে ৷ মুঠ জনসংখ্যা প্ৰায় ৪০০ ৷ এই ৪০০ লোকে সম্প্ৰতি কটাইছে দুৰ্বিসহ জীৱন ৷ আই নদীৰ ভয়াৱহ বানে এওঁলোকৰ জীৱনলৈ নমাইছে দুৰ্যোগ ৷

ভূটানে এৰি দিয়া পানীয়ে ৰাতিটোৰ ভিতৰতে বানৰ সৃষ্টি কৰিছে এই দাবাবিল গাঁওত ৷ গাঁওখনৰ চাৰিওফালে আই নদীৰ পানী বঢ়াৰ বাবে সম্প্ৰতি একপ্ৰকাৰ পণবন্দীৰ জীৱন কটাইছে ইয়াৰ বাসিন্দাসকলে ৷

নিশাটোৰ ভিতৰতে খেলপথাৰ পৰিণত হৈছে নদীলৈ ৷ পশুধন তথা শিশুৰ বাবে নাই পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী ৷ নাই বিশুদ্ধ পানীৰ ব্যৱস্থা ৷

চিকিৎসাসেৱা অবিহনেই বেমাৰত পৰি থাকিব লগা হৈছে বৃদ্ধা ৷ চিৰাং জিলা প্ৰশাসনক অনতিপলমে সহায় তথা সাহাৰ্য্য দিবৰ বাবে আহ্বান জনাইছে বানাক্ৰান্তসকলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in