চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ শিক্ষা বৰ্ষ ৰাজ্য চৰকাৰে ৩ মাহ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা এক জাননী যোগে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে, কোৰোনা ভাইৰাছৰ বাবে ১৫ মাৰ্চ, ২০২০ৰ পৰা বৰ্তমানলৈকে বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।

নং এএছই ২৯৮/২২০/৮০-৮১ উল্লেখ কৰা মতে, আগষ্টলৈকে শিক্ষানুষ্ঠানসমূহ যিহেতু খোলা নহয়, সেইবাবে ৰাজ্যৰ শৈক্ষিক কেলেণ্ডাৰ প্ৰাথমিক আৰু মাধ্যমিক শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰত ৩ মাহ অতিৰিক্তভাৱে বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰাইজৰ বিবেচনাৰ্থে উপলব্ধ কৰা হৈছে অনলাইনযোগে।

এই চৰকাৰী জাননীতে ডিজিটেল মাধ্যম, টিভি চেনেল, আকাশবাণী আদি তথ্য-প্ৰযুক্তিৰ দ্বাৰা প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছিল যদিও, সেয়া যে সফল নহ'ল ৰাজ্যখনত সেই কথাও স্বীকাৰ কৰা হৈছে।

বিশেষকৈ ৰাজ্যৰ পিছপৰা অঞ্চলসমূহত এই ব্যৱস্থাসমূহে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাত সফল নোহোৱা কথা উল্লেখ কৰি কোৰোনা ভাইৰাছৰ বাবে ৮৩ দিন বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ কথা জাননীটোত উনুকিয়াই দিয়া হৈছে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক লোকচান যাতে কমাব পাৰি ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণতে ১ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে এই শৈক্ষিক বৰ্ষ বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে।

সাধাৰণতে ৰাজ্যৰ শিক্ষা বৰ্ষ ১ জানুৱাৰীত আৰম্ভ হয় ৩১ ডিচেম্বৰত অন্ত পৰে। মাধ্যমিক শিক্ষা বিভাগে এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এনে প্ৰস্তাৱ লোৱাৰ লগতে আন ৰাজ্য আৰু দেশৰ শৈক্ষিক কেলেণ্ডাৰৰ সৈতে যাতে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকল অসুবিধাত নপৰে তাৰ প্ৰতিও দৃষ্টি ৰখা বুলি উল্লেখ কৰা হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ প্রধান সচিব কল্যাণ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত শিক্ষা বিভাগৰ প্ৰস্তাৱ ৰাইজৰ বিবেচনাৰ্থে আৰু এই সন্দৰ্ভত মতামত বিচাৰি অনলাইনযোগে সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in