দেশত পুনৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ…

দেশত পুনৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ…

ডিজিটেল ডেস্কঃ পুনৰ দেশত এগৰাকী কিশোৰীয়ে দলবদ্ধ ধৰ্ষণৰ বলী হ'বলগীয়া হয়। এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ মিৰাটত।মিৰাটৰ চাৰধনা কোতৱালী অঞ্চলৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী কিশোৰীয়ে টিউচন কৰি উভতাৰ পথত বৃহস্পতিবাৰে কেইজনমান দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰে। পিছত ধৰ্ষণৰ বলী হোৱা ১০ ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে ঘৰলৈ আহি আত্মহত্যাৰ পথ বাছি লয়।

ঘৰলৈ উভতি অহাৰ পিছত কিশোৰীগৰাকীয়ে মাক-দেউতাকক সমগ্ৰ ঘটনাটোৰ কথা বিৱৰি কৈছিল আৰু কিছু সময় পিছত বিষাক্ত দ্ৰব্য সেৱন কৰি কিশোৰীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি লয়। বিষাক্ত দ্ৰব্য সেৱন কৰি অচেতন হৈ পৰা কিশোৰীগৰাকীক বচাবৰ বাবে মাক-দেউতাকে তৎকালীনভাৱে মোডীপুৰমৰ এছএছডি গ্ল'বেল হস্পিটেলত ভৰ্তি কৰায়। চিকিৎসালয়ত কিছু সময় থকাৰ পিছতে কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে সদৰি কৰে।

সমগ্ৰ ঘটনাটোৰ ওপৰত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে। মিৰাটৰ গ্ৰাম্য আৰক্ষী অধীক্ষক কেশৱ কুমাৰে জনোৱা অনুসৰি, কিশোৰীগৰাকীক অপহৰণ আৰু ধৰ্ষণ কৰাত চাৰিজন যুৱক জড়িত আছিল আৰু আৰক্ষীয়ে কিশোৰী গৰাকীয়ে আত্মহত্যা নোটত লিখা কিছু কথাৰ ভিত্তিত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আন পলাতক আন অভিযুক্ত দুজনক কৰায়ত্ব কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে।

কিশোৰী গৰাকীয়ে তাইৰ আত্মহত্যা নোটত চুবুৰীয়া গাঁৱৰ লাখন আৰু বিকাশকে ধৰি চাৰিজন লোকৰ নাম উল্লেখ কৰিছিল। জানিব পৰা মতে, আৰক্ষীয়ে লাখন আৰু বিকাশক গ্ৰেপ্তাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in