সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত এজেৱাইচিপিৰ উদ্যোগত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা…

সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত এজেৱাইচিপিৰ উদ্যোগত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, কাকডোঙা: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাহৰণি আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৃহত্তৰ নাহৰণিবাসী ৰাইজৰ সহযোগত শুক্ৰবাৰৰ পৰা নাহৰণি অস্থায়ী খেলপথাৰত চাৰিদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা। পুৱা পাতাকা উত্তোলনৰ পিছতেই কা আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাৰ লগতে শিক্ষাবিদ আব্দুল মতিন,শিক্ষাব্ৰতী আমিৰুল হুছেইন , মেহজুবিন চুলতানাৰ পৱিত্ৰ স্মৃতিত অনুষ্ঠিত হৈ বৃক্ততা,কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, সন্দিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হৈ কবিতাৰ এখন্তেক শীৰ্ষক কাৰ্যসূচীত বিশিষ্ট কবি উদীয়মান লেখক দিলোৱাৰ হুছেইন, নাহৰণি হাইস্কুলৰ শিক্ষয়ত্ৰী কবি বন্দনা দত্ত, যুৱ সাহিত্যিক, সাংবাদিক ছাইফুল হুছেইন আদিয়ে স্বৰচিত কবিতা পাঠৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত আতচবাজীয়ে পোহৰাই তোলে সমগ্ৰ পৰিবেশ এক আবতৰীয়া দেৱালী সদৃশ পৰিবেশ সৃষ্টি হৈ খেলপথাৰত। বেণ্ড পাৰ্টিয়ে নৃত্য প্ৰদৰ্শন কৰি আপ্লুত কৰে দৰ্শকক। দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্ধোধনী খেল খন অনুষ্ঠিত হৈ ইলেভেন ষ্টাৰ ক্ৰিকেট ক্লাৱ বনাম brother eleven ক্ৰিকেট ক্লাৱৰ মাজত। শীতৰ সেমেকা কুৱলিক নেওচি ৫ সহস্ৰাধিক দৰ্শক আহিলে খেল চাবলৈ।

প্ৰতিযোগিতা উদ্ধোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱাই, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী আলহাজ ৰাজুমণি হুছেইনৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিকুঞ্জ মেধিৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ সভাপতি আব্দুল হাচিমে আতধৰা উদ্ধোধনী অনুষ্ঠানত স্থানীয় সংবাদসেৱী সকলক সম্বন্ধৰ্ণা জনোৱা হয়।

খেল পৰিচালনা সমিতিৰ সভাপতি নুৰুল হক সম্পাদকদ্বয় চাজিদুৰ ৰহমান,আশ্ৰাফুল হুছেইনে জনোৱা মতে প্ৰতিযোগিতা ৰাজ্য খনৰ কমেও ৬০ টা আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে প্ৰথমদিনাই ২০ টা অংশগ্ৰহণ নিশ্চিত কৰাৰ কথা অৱগত কৰাৰ লগতে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা কামানা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in