অখিল গগৈৰ মুকলি চিঠি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আগবঢ়ালে চিপিআই(এমএল)য়ে…

অখিল গগৈৰ মুকলি চিঠি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আগবঢ়ালে চিপিআই(এমএল)য়ে…

ডিজিটেল ডেস্ক : ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পলমকৈ হ'লেও সম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিৰ মিত্ৰজোঁটক আগন্তুক বিধানসভা নিৰ্বাচনত পৰাস্ত কৰাৰ বাবে সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হবলৈ আৰু বজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে এটা সমষ্টিত কেৱল এজন বিৰোধী প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে জনোৱা আহ্বান ইতিবাছক যদিও এই বিজেপি বিৰোধী মহাজোঁটৰ পৰা এআইইউডিএফক বাহিৰত ৰখাৰ বাবে জনোৱা আহ্বানক নাকচ কৰিছে চিপিআই(এমএল)য়ে । এক প্ৰেছ বিবৃতি যোগে এই কথা জানিব দিয়ে চিপিআই(এমএল)য়ে ।

চিপিআই(এমএল)য়ে বিশ্বাস কৰে যে বিজেপি আৰু এআইইউডিএফক একেশাৰীতে ৰখা কাৰ্য ৰাজনৈতিক অপৰিপক্কতাৰহে পৰিচায়ক, কিয়নো আজি বিজেপি-আৰএছএছৰ শাসনে দেশৰ গণতন্ত্ৰ,সংবিধান,জাতি-জনগোষ্ঠীসমূহৰ স্বকীয়তাৰ ওপৰত আক্ৰমণ নমাইছে আৰু দেশৰ বৰ্তমান-ভবিষ্যত বিপদাপন্ন কৰি তুলিছে ।

এই ক্ষেত্ৰত সম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিৰ শাৰীত এআইইউডিএফক থিয় কৰোৱাটো ৰণনীতি তথা ৰণকৌশলগত দিশৰ পৰাও ঠিক নহয় বুলি চিপিআই(এমএল)য়ে বিশ্বাস কৰে আৰু এনে স্থিতিয়ে বিজেপিকহে সহায় কৰিব । এই পৰিস্থিতিত এআইইউডিএফকে ধৰি সকলো কা বিৰোধী তথা বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বান আৰু অসম তথা অসমবাসীৰ বাবে জৰুৰী । ইফালে চিপিআই(এমএল)য়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক বিজেপি বিৰোধী মহাজোঁটত চামিল হ'বলৈ আহ্বান জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in