পুনৰ দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনাত নিহত গৰু সৰবৰাহকাৰী, আহত ২ বিএছএফ জোৱান

পুনৰ দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনাত নিহত গৰু সৰবৰাহকাৰী, আহত ২ বিএছএফ জোৱান

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছৈতনবাৰী বিএছএফ কেম্প এলেকাৰ ফুলকাকাটাত দেওবাৰে পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনীৰে গৰু সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাত গুলী চালনাৰ ঘটনা সংঘটিত হৈ এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ লগতে দুজনকৈ বিএছএফ জোৱান আহত হয়। উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী জিলাৰ অধীনস্থ দক্ষিণ শালমাৰা থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ফুলকাকাটা প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা ছকেৰ আলীৰ পুত্ৰ ছমেজ আলী সহ আন কেবাজনো গৰু সৰবৰাহকাৰীয়ে দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৪০ বজাত ফুলকাকাটা সীমান্তৰ মাজেৰে বাংলাদেশলৈ কেবাটাও গৰু সৰবৰাহ কৰি নিছিল। কিন্তু সীমান্তত নিয়োজিত টহলধাৰী সুৰক্ষা বাহিনীয়ে সৰবৰাহকাৰী ছমেজৰ চাৰিটা গৰু জব্দ কৰাৰ পাছত গৰু সৰবৰাহকাৰী চক্ৰই হাতে হাতে দা-দেগাৰ, খুৰপি, ফালা আদি লৈ বিএছএফক আক্ৰমণ কৰিবলৈ আহে।

গৰু সৰবৰাহকাৰীৰ এই আক্ৰমণ ৰুধিবলৈ ছৈতনবাৰী বিএছএফ কেম্পৰ দায়িত্বত থকা সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া ওমবীৰ প্ৰকাশ শূণ্যলৈ গুলীচালনা কৰে। কিন্তু ইমানৰ পাছতো গৰু সৰবৰাহকাৰী চক্ৰটোৱে সীমান্তৰ পৰা আতৰি নগৈ ওমবীৰক দাৰে মূৰত আক্ৰমণ কৰে। আনহাতে ওমবীৰৰ লগত থকা সুনিল কুমাৰ নামৰ আন এগৰাকী বিএছএফ জোৱানক গৰু সৰবৰাহকাৰী চক্ৰটোই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত সুনিল কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গৰু সৰবৰাহকাৰী চক্ৰটোৱে সুনিৰ হাতত থকা এক কে ৪৭ ৰাইফল কাঢ়ি নিয়াৰ ফলত ওমবীৰ প্ৰকাশ কেবা জাই গুলী বৰ্ষণ কৰাত ছমেজ আলী নামৰ গৰু সৰবৰাহকাৰীটো গুলীবিদ্ধ হয়।

সীমান্তৰ কাষতে থকা শ শ গাঁওবাসীয়ে ইতিমধ্যে গুলীৰ শব্দ শুনি পাই সীমান্তৰ ফালে ওলাই আহিবলৈ ধৰে যদিও গুলীবিদ্ধ ছমেজ আলী নিহত হোৱাৰ পাছত সকলো সেই স্থানৰ পৰা আতৰি যায়। আনহাতে বিএছএফক আক্ৰমণ কৰা আন একাংশ সৰবৰাহকাৰীয়ে ছমেজ আলীৰ মৃতদেহ কান্ধত তুলি নি বিএছএফৰ ৰাইফলসহ পলায়ন কৰে।

সীমান্তত হোৱা এই ঘটনাৰ ফলত সীমান্তত উত্তজনাময় পৰিবেশৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষক কঙ্কন জ্যোতি শইকীয়া, জিলা সহকাৰী অধীক্ষক আৰিফ আহমেদ, দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ সহকাৰী পৰিদৰ্শক আবু শ্বামা সহ আৰক্ষীৰ বৃহত দল এটা সীমান্তত গৈ উপস্থিত হয়। পুৱা প্ৰায় ৭ বজাত আৰক্ষী সীমান্তত উপস্থিত হৈ ফুলকাকাটা গাঁৱত ছমেজৰ মৃতদেহ আৰু ৰাইফল বিচাৰি অভিযান আৰম্ভ কৰে।

অৱশেষত পথাৰৰ জংঘলৰ মাজৰ পৰা বিএছএফে নিজে ৰাইফলটো পাই আৰক্ষীক গতাই দিয়ে যদিও মৃতদেহ বিচাৰি আৰক্ষীয়ে গাঁৱৰ চৌপাশে অভিযান চলাই অৱশেষত গাওঁখনৰ পৰা সৰু নদী পাৰ কৰি আন এখন গাঁৱত লোক এজনৰ ঘৰত মৃতদেহ ৰখা হৈছে বুলি আৰক্ষীয়ে সন্ধান পাই সেই ঘৰৰ পৰা দুপৰীয়া প্ৰায় ২ বজাত মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। ঘটনাক লৈ আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে যে বিএছএফৰ গুলীত কোনো লোকো নিহত হ'লে তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰি গোপনে লুকুৱাই ৰখাৰ আভিযোগ দীৰ্ঘদিনীয়া। ইয়াৰ বাবে গৰু সৰবৰাহকাৰীয়ে মৃতদেহটি সীমান্তৰ পৰা চুৰি কৰি নি পাশ্ববৰ্তী গাঁৱত নিৰাপদে ৰাখিছিল বুলি জানিব পৰা গৈছে। আনহাতে গৰু সৰবৰাহকাৰীৰ আক্ৰমণত আহত দুই বিএছএফ জোৱানক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে। ইয়াৰে সুনিল কুমাৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া বিষয় এয়ে যে, যোৱা ৩ জানুৱাৰীৰ নিশা প্ৰায় ১১ বজাত ফুলকাকাটা গাঁৱৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত থকা মহামায়া ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীৰে-গৰু সৰবৰাহকাৰীৰ সংঘৰ্ষ হৈছিল। ফলত দক্ষিণ শালমাৰা আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়া হোৱাত নুৰ জামাল সেখ নামৰ এজন গৰু সৰবৰাহকাৰী নিহত হয়। আনহাতে আন তিনি জন গৰু সৰবৰাহকাৰী আহত হৈছিল। একেদৰে জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অধীনস্থ আছামেৰ আলগা ভাৰত-বাংলাদেশ সীমান্তত যোৱা ১০ জানুৱাৰী তাৰিখে বিএছএফৰ গুলীত দয়াৰচৰ গাঁৱৰ শুকুৰ আলী নামৰ আন এজন গৰু সৰবৰাহকাৰী নিহত হৈছিল। বিগত এটা মাহৰ ভিতৰত জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিভিন্ন স্থানত ৬ জনকৈ গৰু সৰবৰাহকাৰী নিহত হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in