শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

বিট্ৰেইনত ভেকচিন সন্দৰ্ভত নতুন গৱেষণাঃ প্ৰথম ডোজ ল’লেই ৬৫ শতাংশলৈ হ্ৰাস পাই সংক্ৰমণৰ হাৰ…

762

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে কোৰোনাই কাল ৰূপ ধাৰণ কৰাত বৈজ্ঞানিক মহল তৎপৰ হৈ আছে ভেকচিন উৎপাদন আৰু গৱেষনাৰ কামত। ব্ৰিটেইনৰ বৈজ্ঞানিক মহলে প্ৰস্তুত কৰি উলিওৱা অক্সফ’ৰ্ড এষ্ট্ৰাজেনেকা বা ফাইজাৰ বায়’এনটেকৰ ভেকচিনৰ এটা ডোজ ল’লেই কোৰোনা ভাইৰাছ সংক্ৰমণৰ হাৰ ৬৫ শতাংশ কমে বুলি এক সমীক্ষাত প্ৰকাশ পায়।

ইউনিভাৰ্ছিটি অব্ অক্সফ’ৰ্ড আৰু অফিচ অব্ নেচনেল ষ্টেটিষ্টিকছে(অ’ এন এছ) ৰ এক সমীক্ষাৰ মতে, দুয়োটা ভেকচিনৰ প্ৰথম ডোজ লোৱাৰ পাছতে বৃদ্ধ আৰু বেছি স্পৰ্শকাতৰ ব্যক্তিসকলৰ লগতে কম বয়সীয়া আৰু স্বাস্থ্যৱান ব্যক্তিসকলৰ স্বাস্থ্যকো সুৰক্ষা প্ৰদান কৰে। সংকটজনত ৰোগীয়ো টিকাকৰণ পিছত মৃত্যু হোৱাৰ আশংকা কমি আহিছে।

আনহাতে গৱেষক সকলে ভেকচিন লোৱাৰ পাছতো ভাইৰাছ সংক্ৰমণ হ’ব পাৰে বুলি এক বিবৃতিৰ জৰিয়তে সতৰ্ক কৰি সামজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। প্ৰাপ্ত তথ্য অনুসৰি ভেকচিন দুটা লোৱাৰ ২১ দিন পাছত কোৰোনা ভাইছাৰ নতুন সংক্ৰমণ হ্ৰাস পোৱাৰ কথা পোহৰলৈ আহে। প্ৰথমটো ডোজ লোৱাৰ ফলত মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা তীব্ৰ হৈ উঠাৰ সংকেত দিয়ে। যাৰফলত নতুন সংক্ৰমণৰ হাৰ ৬৫ শতাংশলৈ হ্ৰাস পোৱাৰ কথা জানিব পৰা যায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি