কোভিড ভেকচিন বিতৰণৰ বাবে প্ৰয়োজন ৮০,০০০ কোটি টকাৰঃ চেৰামৰ মুৰব্বী পোনাৱালা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ আগন্তুক বৰ্ষত কোভিড-১৯ ভেকচিনৰ বিতৰণৰ আৰু জনসাধাৰণৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে দেশক প্ৰয়োজন হ'ব ৮০,০০০ কোটি টকা। বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকৰণ প্ৰতিষ্ঠানৰ মুৰব্বী আদৰ পোনাৱালাই সদৰী কৰে এই কথা। ইয়াক পৰৱৰ্তী সময়ৰ উল্লেখনীয় প্ৰত্যাহ্বান বুলি উল্লেখ কৰি এক টুইট কৰিছে তেওঁ।

পোনাৱালাই টুইটাৰয়োগে প্ৰধানমন্ত্ৰীক এই সম্পৰ্কে প্ৰশ্ন কৰিছে। তেওঁ আগন্তুক বৰ্ষৰ ভিতৰত ভাৰতত ভেকচিন বিতৰণৰ বাবে ৮০,০০০ কোটি টকা উপলব্ধনে বুলি প্ৰশ্ন কৰে। তেওঁ আন এক টুইটযোগে পুনৰ কয় যে ভেকচিন প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ দেশৰ চাহিদা পূৰণৰ বাবে ভাৰত আৰু দেশৰ বাহিৰতো ভেকচিন প্ৰস্তুতৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in