শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

ঢকুৱাখনাত ভোট গণনাত জড়িত নিৰ্বাচনী কৰ্মীৰ কোভিড পৰীক্ষা…

ডিজিটেল সংবাদ,ঢকুৱাখনা : ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত ১১২ নং ঢকুৱাখনা বিধানসভা ( অ:জ:জা ) সমষ্টিৰ ভোট গণনা কাৰ্যত জড়িত বিষয়া কৰ্মচাৰী সকলৰ বৃহস্পতি বাৰে কোভিড পৰীক্ষা সম্পন্ন কৰা হয়। ঢকুৱাখনা জিলা ৰিটাৰ্ণিং বিষয়া তথা মহকুমাধিপতি গুৰনেইল সিঙৰ নিৰ্দেশনা ভিত্তিত বৃহস্পতি বাৰে মহকুমাধিপতিৰ কাৰ্য্যালয় চৌহদত এই পৰীক্ষা কৰা হয়।

ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ ফাৰ্মাচিষ্ট মিহিৰ পেগুৰ নেতৃত্বত আৰু লেবৰেটৰী টেকনিছিয়ান ক্ৰমে দীপক চুতীয়া ,পুষ্পাঞ্জলি দাস ,দেৱযানি সোণোৱাল,মানৱ জ্যোতি বৰা ,তৰুণ গগৈৰ আদিৰ সহযোগত অনুষ্ঠিত হোৱা কোভিড ১৯ ৰ ৰেপিড এন্টিজেন টেষ্ট আৰু আৰ চি পি টি আৰ পদ্ধতিৰে নমুনা সংগ্ৰহ শিবিৰত ২ মে’ৰ ভোট গণনাৰ কৰ্তব্যত জড়িত থাকিব লগা মুঠ ২০০গৰাকী ব্যক্তিৰ কোভিড পৰীক্ষা কৰা হয়।

বিধানসভা সমষ্টিটোৰ সকলো দলীয় প্ৰাৰ্থী , ইলেক্সন এজেন্ট ,কাউণ্টিং এজেন্ট আৰু সংবাদসেৱী সকলৰ কোভিড পৰীক্ষাৰ নিগেটিভ ফলাফল বাধ্যতামূলক কৰি জিলা নিৰ্বাচনী বিষয়া সিঙে জাৰি কৰা নিৰ্দেশনা ভিত্তিত অনুষ্ঠিত কৰা বৃহস্পতি বাৰৰ কোভিড পৰীক্ষা কালত কোনো এগৰাকী ব্যক্তিৰ দেহত এই ৰোগৰ সংক্ৰমণ পোৱা নগ’ল বুলি স্বাস্থ্য বিভাগে জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি