শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৮৯ লাখলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ ভাৰতসহ বিশ্বৰ প্ৰায় ১৮০খন দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে। এতিয়ালৈকে সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা ৫.৫৬ কোটিৰো অধিক আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৩.৩৭ লাখ অতিক্ৰম কৰিছে। ভাৰততো প্ৰতিদিনাই এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে সদৰী কৰা তথ্য অনুসৰি, দেশত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮৯লাখৰো অধিক হৈছেগৈ। বৰ্তমানলৈ ৮৯,১২,৯০৭জন লোক আক্ৰান্ত হৈছে কোৰোনাত। ইফালে, যোৱা ২৪ ঘন্টাত (মঙলবাৰৰ পুৱা ৮ বজাৰ পৰা বুধবাৰৰ পুৱা ৮ বজালৈকে) নতুনকৈ দেশত ৩৮,৬১৭জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

ইফালে, এই সময়চোৱাতে দেশত সুস্থ হৈছে ৪৪৭৩৯জন আৰু ৪৭৪জনে হেৰুৱাইছে প্ৰাণ। এতিয়ালৈকে ভাৰতত মুঠ ৮৩,৩৫,১০৯জন লোক সুস্থ হোৱাৰ বিপৰীতে ১৩০৯৯৩জন লোকে হেৰুৱাইছে প্ৰাণ। অৱশ্যে যোৱা কিছুদিনৰ পৰা নতুনকৈ সংক্ৰমিত হোৱা লোকৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক দেখা পোৱা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি