ৰাচিয়াৰ পৰা নলয়! আহি আছে ভাৰতৰ কোৰোনা ভেকচিন…

ৰাচিয়াৰ পৰা নলয়! আহি আছে ভাৰতৰ কোৰোনা ভেকচিন…

ডিম্পুল বৰগোহাঁই

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিশ্বৰ প্ৰথমটো কোৰোনা ভেকচিন উদ্ভাৱন কৰি উলিয়ালে ৰাচিয়াই। ৰাষ্ট্ৰপতি পুটিনৰ কন্যাৰ দেহত প্ৰথমটো কোৰোনা ভেকচিন পৰীক্ষণ কৰা হয়। দেহত ভেকচিন লৈয়ো বৰ্তমানলৈ সম্পূৰ্ণ সুস্থ পুটিনৰ কন্যা। কন্যাৰ স্বাস্থ্যৰ সন্দৰ্ভত শেহতীয়াকৈ নিজেই সদৰি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে।

পুটিনে কন্যাৰ স্বাস্থ্যৰ সন্দৰ্ভত কয় প্ৰথমটো ভেকচিন লোৱাৰ সময়ত তেওঁৰ দেহৰ তাপমান আছিল ৩৮ডিগ্ৰী। কিন্তু ভেকচিন লোৱাৰ পাছতে তেওঁৰ দেহৰ উষ্ণতা ৩৭ডিগ্ৰীলৈ হ্ৰাস পায়। কিন্তু অতি কম সময়ৰ ভিতৰতে পুটিনৰ কন্যাৰ দেহত উষ্ণতা বৃদ্ধি পাইছিল আৰু পূৰ্বৰ দৰেই হৈ পৰিছিল দেহৰ উষ্ণতা।

ৰাচিয়াৰ চিকিৎসকে সদৰি কৰা মতে, বৰ্তমান পুটিনৰ কন্যাৰ দেহত যথেষ্ট এন্টিবডিৰ সৃষ্টি হৈছে। এই ভেকচিন মানৱ দেহত সফল পৰীক্ষণৰ দিশে আগবঢ়াৰ লগতে বিশ্বৰ প্ৰথমটো সুৰক্ষিত কোৰোনা ভেকচিন উদ্ভাৱন কৰাত ৰাচিয়া সফল হৈছে বুলি দাবী কৰিছে ৰাচিয়াৰ চিকিৎসকসকলে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰাচিয়া ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ দুগৰাকী কন্যা, তেওঁলোক হৈছে মাৰিয়া আৰু কেটৰীণা। এই দুগৰাকী কন্যাৰ ভিতৰত কাৰ ওপৰত কোৰোনাৰ ভেকচিন প্ৰয়োগ কৰা হৈছে, এই সম্পৰ্কত কোনো তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই ৰাচিয়াই।

সেয়া যি কি নহলেও কোৰোনা ভেকচিন উদ্ভাৱন কৰি মানৱ শৰীৰত পৰীক্ষণ কৰাৰ লগে লগে বিশ্ব কেইবাখনো দেশে ৰাচিয়াৰ পৰা ভেকচিন ক্ৰয়ৰ বাবে যোজা চলাইছে। ৰাচিয়াৰ স্বাস্থ্য বিভাগৰ সচিবে ঘোষণা কৰিছে যে, এক আৰৱ ভেকচিন অৰ্ডাৰেৰে ইতিমধ্যে বিশ্বৰ ২০খন দেশে এই ভেকচিন ক্ৰয় কৰিবলৈ সাজু। এই দেশসমূহৰ ভিতৰত আছে, ভাৰত, চৌদি আৰৱ, ইণ্ডোনেছিয়া, ফিলিপাইনচ, ব্ৰাজিল, মেক্সিকো ধৰি বহুকেইখন দেশ।

ৰাচিয়াই উদ্ভাৱন কৰা ভেকচিন প্ৰথমে ৰাষ্ট্ৰপতিৰ কন্যাৰ দেহত প্ৰয়োগ কৰাৰ ফলত ভেকচিনবিধৰ ওপৰত বহুদেশে চকু মুদি বিশ্বাস কৰিলেও শেহতীয়াকৈ বহু প্ৰশ্নৰ উদয় হৈছে। বহু বৈজ্ঞানিক তথা গৱেষক সংস্থাই ৰাচিয়াৰ এই ভেকচিন মানৱ দেহত কিমান সুৰক্ষিত আৰু স্বাস্থ্যসন্মত তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

অক্সফৰ্ড, এষ্ট্ৰাজেনেকা, মাৰ্ডোনা আৰু ফাইজৰৰ দৰে সংস্থাৰ বৈজ্ঞানিকসকলে ৰাচিয়াৰ এই শ্বৰ্টকাৰ্ট মানুহৰ বাবে বিপদজনক হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। এষ্ট্ৰাজেনেকা, মাৰ্ডোনা আদি সংস্থায়ো বিগত কেইটামান মাহৰ পৰা কোৰোনা ভেকচিন প্ৰস্তুতকৰণৰ কামত নিয়োজিত হৈ আছে। বৈজ্ঞানিকসকলে দাবী কৰিছে, ৰাচিয়াই যিমান সোনকালে ভেকচিন প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰিলে, তাত নিশ্চয়কৈ সন্দেহৰ অৱকাশ আছে। এষ্ট্ৰাজেনেকা, মাৰ্ডোনা আদি সংস্থায়ো বিগত কেইটামান মাহৰ পৰা কোৰোনা ভেকচিন প্ৰস্তুতকৰণৰ কামত নিয়োজিত হৈ আছে।

তেওঁলোকে লগতে কৈছে, এটা ভেকচিন মানুহৰ দেহত পৰীক্ষণ কৰিবলৈ যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন হয়, যিটো ৰাচিয়াই মাত্ৰ দুমাহতে সম্পন্ন কৰিছে। উল্লেখ্য যে, ইতিমধ্যে ইউনাইটেড হেল্থ এণ্ড হিউমেন চাৰ্ভিছেচৰ সচিব এলেক্স অজৰে এই ভেকচিনৰ সন্দৰ্ভত কৈছে, যিকোনা এটা ভেকচিন মানুহৰ বাবে প্ৰথমে সুৰক্ষিত হোৱাটাহে আঁচল কথা, প্ৰথমে প্ৰস্তুত কৰাটো ডাঙৰ কথা নহয়।

উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে কোৰোনা ভেকচিন বিধক ৰাচিয়াই পঞ্জীয়ন কৰিছে। ৰাচিয়াৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ২০২১ৰ জানুৱাৰী মাহৰ পৰা তেওঁলোকে বজাৰত উপলদ্ধ কৰোৱাব এই ভেকচিনবিধ। কিন্তু আমেৰিকা,লণ্ডনৰ বহু গৱেষকে এই ভাইৰাছবিধক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে।

আমেৰিকা, ইউৰোপত কোৰোনা ভেকচিনৰ ট্ৰায়েল আৰম্ভ হোৱাৰ পাছতহে ১৭জুনৰ পৰা ৰাচিয়াই ভেকচিন ট্ৰায়েলৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছিল। মস্কোৰ গোমালিয়া ইষ্টিটিউটত বিকশিত এই ভেকচিনবিধক কোনো ধৰণৰ চেফটী ডাটা ৰাজহুৱা কৰা নাই ৰাচিয়াই। যাৰ বাবে অন্য দেশে এই ভেকচিনবিধক লৈ ৰাচিয়াই কৰা দাবীক অধিক গৱেষণা কৰিব পৰা নাই। এনে প্ৰেক্ষাপটত কেইবাখনো দেশে ৰাচিয়াক এনে তথ্যবোৰ ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে।

ৰাচিয়াৰ ভেকচিনবিধৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আন্তৰাষ্ট্ৰীয় স্বাস্থ্য আলোচনী লেচেন্টত উল্লেখ কৰা হৈছে যে, বিশ্বত অতি কম সময়ৰ ভিতৰত প্ৰস্তুত হোৱা ভেকচিন বিধ আছিল জিকা ভাইৰাছৰ ভেকচিন। যাৰবাবে সময় লাগিছিল দুবছৰ। কিন্তু এই ভেকচিন বিধ প্ৰস্তুত হোৱা সময়ৰ লৈকে জিকা ভাইৰাছৰ প্ৰকোপ কমিছিল,সেয়হে ইয়াৰ সফলতা মূল্যায়ন কৰাটো সম্ভৱ নহয়। কিন্তু এটা কথা ঠিক যে, এটা স্বাস্থ্যসন্মত ভেকচিন প্ৰস্তুত হোৱাৰ পৰা বজাৰলৈ অহাৰ সকলো প্ৰক্ৰিয়া সমাপন হোৱাৰ ক্ষেত্ৰত কমেও ৭বছৰ সময়ৰ প্ৰয়োজন হয়।

আলোচনীখনত লগতে উল্লেখ কৰা হৈছে যে, ৰাচিয়াই দাবী কৰা মতে যদি এই ভেকচিন সচাঁই সফল হৈছে তেনেহলে বিশ্বৰ ভিতৰতে বৰ্তমানলৈ অতি কম সময়ত ভেকচিন প্ৰস্তুত কৰাৰ কৃৰ্তিত্ব লাভ কৰিব ৰাচিয়াই। বিভিন্ন সংস্থা আৰু একাংশ বৈজ্ঞানিকে এনেবোৰ মত প্ৰকাশ কৰি থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাইও ৰাচিয়াৰ এই ভেকচিনৰ ওপৰত কিছু সন্দেহ প্ৰকাশ কৰিছে।

ভেকচিনবিধৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰিছে যে, ৰাচিয়াই বিকশিত কৰা ভেকচিনবিধৰ সন্দৰ্ভত আমাৰ হাতত বিশেষ কোনো তথ্য নাই। গতিকে এই ভেকচিনবিধক লৈ আমি অধিক মূল্যাংকন কৰিব নোৱাৰো। উল্লেখ্য যে, সমগ্ৰ বিশ্বত প্ৰায় ১২০বিধ কোৰোনা ভেকচিন উদ্ভাৱন হৈছে। বিভিন্ন পৰ্যায়ত এই ভেকচিনবোৰৰ পৰীক্ষা চলি আছে। এই ১২০বিধৰ ভিতৰত ৬বিধ ভেকচিন ইতিমধ্যে পৰীক্ষাৰ তৃতীয় পৰ্যায়ত উপনীত হৈছে।

ভেকচিন পৰীক্ষাৰ এই তৃতীয় পৰ্যায়ক লৈও বহুতে প্ৰশ্ন উত্থাপন কৰিছে ৰাচিয়াৰ ওপৰত। প্ৰশ্ন উত্থাপন হৈছে যে, এটা ভেকচিন প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মানৱ শৰীৰত পৰীক্ষণ কৰাৰ পাছতহে ভেকচিন বিধক পঞ্জীয়ন কৰা হয়। কিন্তু ৰাচিয়াই তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন নকৰাকৈ কেনেকৈ এই ভেকচিনবিধ পঞ্জীয়ন কৰিলে বুলি বিভিন্ন মহলে প্ৰশ্ন কৰিছে। এইখিনিতে মন কৰিবলগীয়া যে, বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তৃতীয় স্তৰত পৰীক্ষা চলি থকা ৬বিধ ভেকচিনৰ তালিকাত নাই ৰাচিয়াৰ নাম।

এতিয়া বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আদি কৰি আমেৰিকা, বিটেইনৰ দৰে দেশে ৰাচিয়াৰ ওপৰত সন্দেহ কৰাৰ সময়ত ভাৰতে এই ভেকচিন ক্ৰয় কৰাটো খাটাং নে? আমি সকলোৱে জানো যে, ভাৰত আৰু ৰাচিয়াৰ মাজত আছে এটা ভাল সম্পৰ্ক। কিছুদিনৰ পূৰ্বে কোৰোনা কালৰ সময়তে ৰাচিয়া ভ্ৰমণ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে।

কিছু সংবাদমাধ্যমে খবৰ প্ৰকাশ কৰিছে যে, ৰাচিয়াই এই ভেকচিন ভাৰতক বিক্ৰী কৰিবলৈ মন থকাৰ লগতে ভাৰতেও এই ভেকচিন ক্ৰয় কৰিবলৈ ইচ্ছুক। কিন্তু ভাৰত চৰকাৰে বৰ্তমান পৰ্যন্ত এই বিষয়ত আনুষ্ঠানিক ঘোষণা কৰা নাই। এই ভেকচিনৰ সন্দৰ্ভত যোৱা মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিবক সাংবাদিকে প্ৰশ্ন কৰিছিল আৰু তাৰ উত্তৰত সচিব ৰাজেশ ভুষণে কৈছিল যে, ভেকচিনক লৈ গঠন কৰা এক্সপাৰ্টে ইয়াৰ ওপৰত সিদ্ধান্ত লব।

ইতিমধ্যে এইমছৰ অধীক্ষক ৰণদ্বীপ গুলেৰিয়াই ভাৰতে এই ভেকচিন ক্ৰয় ক্ষেত্ৰত দুটা নিয়ম মানি চলিব লাগে বুলি মন্তব্য কৰিছে। তেওঁৰ মতে, ভেকচিন ক্ৰয় কৰাৰ পূৰ্বে ভাৰতে এই ভেকচিনৰ ট্ৰায়েল ডাটা ৰাচিয়াৰ পৰা সংগ্ৰহ কৰিব লাগিব। কিমান লোকৰ ওপৰত ট্ৰায়েল কৰা হল, কি ৰিজাল্ট আহিল, কিমান দিনৰ পৰীক্ষণৰ অন্তত কি ৰিজাল্ট আহিল সকলো তথ্য ভেকচিন ক্ৰয়ৰ আগত ভাৰতে জানি লোৱাটো প্ৰয়োজন।

অধীক্ষক ৰণদ্বীপ গুলেৰিয়াই লগতে কয়, দ্বিতীয়তে ভাৰতে গুৰত্ব দিব লাগিব, এই ভেকচিন কিমান স্বাস্থ্যসন্মত। এই দুয়োটা দিশত সকলো তথ্য চালি জাৰি চাই ভাৰত যদিহে আশ্বস্ত হয়, তেতিয়াহে ৰাচিয়াৰ এই ভেকচিন ভাৰতে ক্ৰয় কৰিব লাগে। সুৰক্ষিত আৰু প্ৰভাৱৰ দিশত ভাৰতে অধিক গুৰুত্ব দিব লাগে বুলি পৰামৰ্শ প্ৰদান কৰে ৰণদ্বীপ গুলেৰিয়াই।

বাকী অন্য দেশে যিয়েই নকৰক,ভাৰতো কোৰোনা ভেকচিন প্ৰস্তুতকৰণৰ দিশত পিছ পৰি থকা নাই। ভাৰতত কোৰোনা ভেকচিন কেতিয়া আৰু কেনেদৰে জনতাৰ মাজত উপলদ্ধ হ'ব তাক লৈ বুধবাৰে দেশৰ ভেকচিন এক্সপাৰ্ট কমিটিক লৈ এখন বৈঠক অনুষ্ঠিত হয়। নীতি আয়োগৰ সদস্য বিকে পাল অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হৈছিল।

এই বৈঠকৰ পাছতে, আই চি এম আৰৰ মহানিৰ্দেশক ডাঃ বলৰাম ভাৰ্গৱে সদৰি কৰিছে যে, ভাৰত বায়োটেক আৰু জাইডছ কেডিলাকাই কোৰোনা ভাইৰাছ ভেকচিন পৰীক্ষণত ইতিমধ্যে প্ৰথম পৰ্যায় সমাপ্ত কৰিছে। অক্সফৰ্ড ইউনিভাৰচিটীৰ প্ৰস্তুত হৈ থকা ভেকচিন শ্ৰীৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই আগভাগ লৈ আছে। এই ভেকচিনৰ পৰীক্ষণ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত উপনীত হৈছে। প্ৰায় ১০কোটি কোৰোনা ভেকচিন প্ৰস্তুত কৰাৰ উদ্দেশ্য আগত ৰাখিছে শ্ৰীৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই। এই ভেকচিন দেশত ২২৫টকা দামত উপলদ্ধ কৰাব বুলিও প্ৰতিশ্ৰুতি দিছে প্ৰতিষ্ঠানটোৱে। গতিকে সকলো ঠিকে ঠাকে থাকিলে ৰাচিয়ালৈ বাট নাচাই, ভাৰতে নিজেই ২০২০ৰ শেষৰফালে নাইবা ২০২১ৰ প্ৰথমভাগত বজাৰত এৰিব পাৰিব কোৰোনাৰ ভেকচিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in