ব্যৱধান ৫০ হেজাৰৰ! কোৰোনাত সৰ্বাধিক আক্ৰান্তৰ তালিকাৰ তৃতীয় স্থান দখলৰ দিশে ভাৰত…

ব্যৱধান ৫০ হেজাৰৰ! কোৰোনাত সৰ্বাধিক আক্ৰান্তৰ তালিকাৰ তৃতীয় স্থান দখলৰ দিশে ভাৰত…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাস এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই ভাৰতত। এতিয়ালৈকে মুঠ ৬০৫,৭৭৫ গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে। নতুনকৈ দেশত ৫৫৫ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে। আনহাতে ভাৰতত এতিয়ালৈকে ১৭,৮৫৫ গৰাকীৰ মৃত্যু হৈছে।

ভাৰতত নতুনকৈ কিছু সময় পূৰ্বে ৭ জন লোকৰ মৃত্যু হৈছে। ইফালে আমেৰিকাত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ২,৭৭৯,৯৫৩ জন লোক। দেশখনত এতিয়ালৈকে ১,৩০,৭৯৮ গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে আমেৰিকাত এতিয়ালৈকে আৰোগ্য লাভ কৰিছে ১,৬৪,৬৮০ গৰাকী লোক।

ভাৰততো কোৰোনাৰ পৰা আৰোগ্য হৈছে এতিয়ালৈকে ৩,৫৯৯৯৫ গৰাকী লোক। আমেৰিকাৰ পাছতে ব্ৰাজিলতে সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। দেশখনত ১,৪৫৩,৩৬৯ গৰাকী লোক আক্ৰান্ত হৈছে এই মহামাৰীত। ব্ৰাজিলত কোৰোনাৰ ফলত মৃত্যু হৈছে ৬০,৭১৩ গৰাকীৰ।

সৰ্বাধিক আক্ৰান্তৰ তালিকাৰ চতুৰ্থ স্থানত ভাৰত থকাৰ সমান্তৰালকৈ তৃতীয় স্থানত আছে ৰাছিয়া। ৬৫৪,৪০৫ গৰাকী লোক আক্ৰান্ত হোৱা ৰাছিয়াত মুঠ ৯,৫৩৬ জনৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in