মঙলবাৰে কভেক্সিনৰ তৃতীয় পৰীক্ষণৰ ফলাফল বিবেচনাৰ সম্ভাৱনা…

মঙলবাৰে কভেক্সিনৰ তৃতীয় পৰীক্ষণৰ  ফলাফল বিবেচনাৰ সম্ভাৱনা…

ডিজিটেল ডেস্ক: সমগ্ৰ দেশত তিনি লাখৰো অধিকলোক কোৰেনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ভৰতৰ সকলো নাগৰিকক কোৰোনাৰ ভেকচিন দি শেষ কৰাৰ এক প্ৰকল্প ভাৰত চৰকাৰে লোৱাৰ কথা আমি সকলোৱে জানে ইতিমধ্যে তাৰ অংশ হিচাপে  ভাৰতত ভেকচিন প্ৰদানৰ কাম দ্ৰুত গতিত চলিছে। তাৰ মাজতেই ভাৰত বায়োটেকৰ দ্বাৰা নিৰ্মিত কভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে তথ্য প্ৰদান কৰা হৈছে আৰু তথ্যৰ ফলাফল বিবেচনা কৰিবলৈ বিশেষজ্ঞৰ এটা দল আজি বৈঠকত মিলিত হোৱাৰ কথা আছে।

ভাৰত বায়োটেকে মাৰ্চত তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অন্তৱৰ্তীকালীন তথ্য প্ৰকাশ কৰিছিল। তথ্যত কোৱা হৈছিল কোভাক্সিন কোভিড ভাইৰাছৰ বিৰুদ্ধে ৮১ শতাংশলৈকে কাৰ্যকৰী। কোম্পানীটোৱে তথ্যবোৰ ড্ৰাগ কণ্ট্ৰোলাৰৰ সঞ্চালক প্ৰধানক প্ৰদান কৰিছিল আৰু আজি এই পৰীক্ষণৰ ওপৰত ঔষধ নিয়ন্ত্ৰকৰ বিশেষজ্ঞৰ সমিতিয়ে  ফলাফলবোৰ বিবেচনা কৰাৰ সম্ভাৱনা আছে। চলিত মাহৰ আৰম্ভণিতে, কোম্পানীটোৱে উল্লেখ কৰিছে যে জুলাইত তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ ফলাফল প্ৰকাশ কৰিব আৰু সম্পূৰ্ণ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব।

কিন্তু সাম্ভাব্য সমস্যাটো হল যে কোৰোনা প্ৰথম আৰু দ্বিতৃয় ঢৌঁৰ সময়ত  ৪৫ বছৰ উৰ্ধৰ আৰু ১৮ বছৰ ওপৰৰ ব্যক্তি সকল অধিক আক্ৰান্ত হৈছিল সেয়ে ভাৰতত নিৰ্মিত কভেক্সিন আৰু কভিশ্বিল  প্ৰদানৰ ক্ষেত্ৰত এই বয়সৰ লোক সকলক প্ৰাধান্য দিয়া হৈছে কিন্তু  বিশেষজ্ঞ সকলে অনুমান কৰা অনুসৰি যদি তৃতীয় লহৰত শিশু সকল আক্ৰান্ত হয় তেনেহলে তাক বাধা দিবৰ বাবে কি পাৰম্ভিক ব্যবস্থা কিব ভাৰত চৰকাৰে তাক লৈ চৰ্চা থকাৰ মাজতে শিশুৰ দেহত পৰিক্ষা কৰা হৈছে। শিশুৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ দুইৰ পৰা ১৮ বছৰৰ স্বাস্থ্যৱান স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষণ কৰা হৈছে।এইমছ (এইমছ)দিল্লী আৰু (এইমছ)  পাটনাকে ধৰি দেশৰ কেইবাটাও প্ৰতিষ্ঠানত ইয়াৰ পৰীক্ষা কৰা হৈছে।হায়দৰাবাদস্থিত কোম্পানী ভাৰত বায়োটেকে বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে এক প্ৰাক-দাখিল বৈঠক অনুষ্ঠিত কৰাৰ সম্ভৱনা আছে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in