শ্বিলঙৰ চিকিৎসালয়ত অমানৱীয় কাণ্ড, কছাইৰূপত ডাক্তৰ-নাৰ্ছঃ নিজাববীয়া গোচৰ ৰুজু উচ্চ ন্যায়ালয়ৰ

শ্বিলঙৰ চিকিৎসালয়ত অমানৱীয় কাণ্ড, কছাইৰূপত ডাক্তৰ-নাৰ্ছঃ নিজাববীয়া গোচৰ ৰুজু উচ্চ ন্যায়ালয়ৰ

ডিজিটেল সংবাদ, শ্বিলংঃ শ্বিলঙৰ গণেশ দাস হাস্পতালত এগৰাকী প্ৰসূতিক চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ মেঘালয়। বিষয়টোক লৈ নিজাববীয়াকৈ গোচৰ হাতত লৈ মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ঘটনা সন্দৰ্ভত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে চিকিৎসালয়খনত এগৰাকী ২০ বৰ্ষীয় মহিলাই যোৱা ৩০ আগষ্টত এটি সন্তান প্ৰসৱ কৰে। নাৰ্ছে এটি সুস্থ সন্তান জন্ম দিয়া বুলি জনায় যদিও পিছত চিকিৎসালয় কৰ্তৃপক্ষই এটি মৃত কেঁচুৱা জন্ম দিয়া বুলি ডিছচাৰ্জ শ্লিপত উল্লেখ কৰে।

জানিব পৰা মতে, হুইল চেয়াৰত বহি থকা অৱস্থাতে সন্তান প্ৰসৱ কৰিবলৈ বাধ্য কৰাইছিল চিকিৎসালয়খনত কৰ্মৰত নাৰ্ছে। সন্তানটো জন্ম পোৱাৰ পিছতে কাপোৰেৰে মেৰিয়াই পৰুৱাৰে ভৰি থকা এটা পাত্ৰত থোৱা বুলিও অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

ঘটনা সন্দৰ্ভত মেঘালয়ৰ স্বাস্থ্যমন্ত্ৰীয় আলেকজেণ্ডাৰ এল হেকে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা লিখিত উত্তৰ বিচাৰি জাননী প্ৰেৰণ কৰা বুলিও চৰকাৰী সূত্ৰই সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in