কোৰোনাঃ চীনক পিছ পেলালে আমেৰিকাই

কোৰোনাঃ চীনক পিছ পেলালে আমেৰিকাই

ডিজিটে ডেস্কঃ কোৰোনা ভাইৰাছৰ ভয়াৱহ পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা চীনতকৈ অধিক হ'ল আমেৰিকাত। মাৰ্কিন যু্ক্তৰাষ্ট্ৰত এতিয়া বিশ্বৰ ভিতৰতে অধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। দেশখনত এতিয়ালৈকে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৮৫,৫৯৪জন লোক।

ইয়াৰ বিপৰীতে কোৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱা চীনত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮১,৩৪০জন। চীনত ৩,২৯২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ইটালীত সৰ্বাধিক ৮,২১৫ জন আৰু স্পেইনত ৪,৩৬৫ জন লোকৰ মৃত্যু হৈছে।

আমেৰিকাত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১,৩০০জন। ফ্ৰান্সতো ২৯,১৫৫ জন লোক আক্ৰান্ত হৈছে আৰু কোৰোনা ভাইৰাছৰ ফলত ১,৬৯৬ জন লোকৰ মৃত্যু হৈছে এতিয়ালৈকে। ইংলেণ্ডত ১১ হেজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি আৰু মৃত্যু হৈছে ৫৭৮ জন লোকৰ।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৪৫ জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২০জন। পাকিস্তানত ১২০৩ জন লোকৰ দেহত, বাংলাদেশত ১১০২ জন লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত মৃত্যু হৈছে ২৫ জন লোকৰ। ভূটানত ৩ জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। নেপালতো এই কোভিড-১৯ত আক্ৰান্ত হৈছে ৩ জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in