ক’চিং চেণ্টাৰঃ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ নে ধন ঘটাৰ ব্যৱসায়?

প্ৰতীকি ফটো
প্ৰতীকি ফটো

মহানগৰীত এতিয়া অলিয়ে-গলিয়ে ক'চিং চেণ্টাৰ। সন্তানে ভাল ক'চিং চেণ্টাৰত অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান, আই এ এছ, বেংকৰ চাকৰি আৰু নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বুলি গৌৰৱ কৰে অভিভাৱকে। কিন্তু আচলতে কেনেকৈ চলিছে ক'চিং চেণ্টাৰ? পলাশজ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন।

ৰাজ্যত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে ক'চিং চেণ্টাৰ। ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঢ়াৰ প্ৰতিশ্ৰুতিৰে স্থাপন কৰা এই চেণ্টাৰসমূহ এতিয়া ধন ঘটাৰ উৎস হৈ পৰিছে একাংশ লোকৰ বাবে। গুৱাহাটীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ৰাজ্যৰ বাহিৰৰ আৰু ভিতৰৰ এই ক'চিং চেন্টাৰসমূহ একাংশ লোকৰ বাবে ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ আলম লৈ গঢ় লৈ উঠা সুন্দৰ ব্যৱসায় হৈ পৰিছে।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান আৰু আন কেৰিয়াৰৰ বাবে সাজু হোৱা শিক্ষাৰ্থীক বিজ্ঞাপনৰ প্ৰলোভনেৰে মোহিত কৰি ধন ঘটাৰ অভিযানত ক'চিং চেন্টাৰসমূহ প্ৰতিযোগিতাত নামিছে যদিও, ইয়াৰ নিয়ন্ত্ৰণৰ বাবে নাই কোনো ব্যৱস্থা। মহানগৰীৰ অলিয়-গলিয়ে ইচ্ছা গ'লেই স্থাপন কৰি লোৱা এনে ক'চিং চেন্টাৰত নামভৰ্তিৰ বাবেও ন্যূনতম ৩০হাজৰৰ পৰা লাখ টকালৈ ব্যয় কৰিব লাগে অভিভাৱকসকলে।

এই ক্ষেত্ৰত বাহিৰৰ কিছু ক'চিং চেন্টাৰৰ আভিজাত্য কাৰ-বাৰ দেখি পেটত হাত-ভৰি লুকাই বহুতৰে। গুৱাহাটীত চৰ্চিত ছাই বিকাশ ফাউণ্ডেশ্যন, আকাশ, স্পেকট্ৰাম, চৈতন্য ভাৰতী আদি ক'চিং চেন্টাৰ হিচাপে আৰম্ভ কৰি এতিয়া তাতে মুকলি কৰিছে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। অভিভাৱকসকলক বিপথে পৰিচালিত কৰি এই ক'চিং চেন্টাৰসমূহে আনকি চি বি এছ চিৰ অনুমোদন নোপোৱাকৈয়ে তেওঁলোকে চি বি এছ চিৰ পাঠ্যক্ৰমৰ অনুমোদন লাভ কৰা বুলিও প্ৰচাৰ চলাইছে।

ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঢ়াৰ নামত একাংশই আকৌ এনে প্ৰচাৰ চলাই যে, তাত কোনো শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিলেই ৰাতিৰ ভিতৰতেই বেংক, ডাক, আই এ এছ, এ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ ছাত্ৰ-ছাত্ৰীক সাজু কৰি দিব। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সাংবাদিকে চৰজমিন অনুসন্ধান চলাই উপস্থিত হৈছিলগৈ গুৱাহাটীৰ শিলপুখুৰীত থকা আই এম এছ নামৰ এটা ক'চিং চেন্টাৰত।

নিজকে অভিভাৱক বুলি পৰিচয় দি এই ক'চিং চেন্টাৰটোত খবৰ লৈ গম পালে মুলতঃ বেংকৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সাজু কৰা এই ক'চিং চেন্টাৰটোত সকলো ধৰণৰ ক'চিঙেই ল'ব পাৰে শিক্ষাৰ্থীয়ে। আনকি এই চেন্টাৰটো এ পি এছ চিৰ ক'চিঙৰ বাবে কেনেদৰে উপযুক্ত সেয়া বুজালে আই এম এছৰ কৰ্মকৰ্তাই। ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে বহু আশা কৰি এই ক'চিং চেন্টাৰসমূহত নামভৰ্তি কৰে যদিও, বহু ক'চিং চেন্টাৰত নাই উপযুক্ত শিক্ষক।

আমাৰ সাংবাদিকে যোৱা ১৫দিনত গুৱাহাটীত থকা তেনে ১০টা ক'চিং চেন্টাৰত গৈ অভিভাৱকৰূপে পৰিচয় দি লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত এই কথা স্পষ্ট হয় যে, কিছু ক'চিং চেণ্টাৰে টকাৰ লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীকহে নামভৰ্তিৰ বাবে সুযোগ প্ৰদান কৰে। যাৰ ফলত ক'চিং চেন্টাৰটোৰ পৰা অভিযান্ত্ৰিক আৰু মেডিকেলত নামভৰ্তিৰ বাবে সুযোগ পোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ নাম ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত নতুন ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিবলৈ মহানগৰীৰ বিভিন্ন স্থানত আঁৰি দিয়ে বৃহৎ বৃহৎ বিজ্ঞানৰ ছাইনবৰ্ড।

ক'চিং চেন্টাৰসমূহৰ এনে অতি কৌশলী নীতিৰ বাবে বহু অভিভাৱক বিপথে পৰিচালিত হৈ আহিছে। এতিয়া এনে পৰ্যায় পাইছেগৈ যে, ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত অংশ ল'বলৈ প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে আহি ভিৰ কৰেহি এই ক'চিং চেন্টাৰসমূহত। আকাশ নামৰ ক'চিং চেন্টাৰটোত যথেষ্ট সংখ্যক অভিভাৱকে নিজৰ সন্তানক ক'চিং দিবৰ বাবে নামভৰ্তিৰ বাবে শাৰী পাতিবলগীয়া পৰিবেশ সৃষ্টি কৰে চেন্টাৰটোৰ কৰ্তৃপক্ষই।

ইফালে, মহানগৰীত ব্যক্তিগতভাৱেও কাঠফুলাৰ দৰে এনে ক'চিং চেন্টাৰ খুলি ছাত্ৰ-ছাত্ৰীক প্ৰলোভিত কৰাৰ চেষ্টা বিভিন্ন পক্ষই অব্যাহত ৰাখিছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ প্ৰতিশ্ৰুতি দি আৰম্ভ কৰা এই ক'চিং চেন্টাৰসমূহৰ সৰহ সংখ্যকতেই নাই পৰ্যাপ্ত আন্তঃগাঁথনি। ইফালে, এই ক'চিং চেন্টাৰত নামভৰ্তি কৰা এগৰাকী ছাত্ৰীয়ে অভিযোগ কৰা মতে, যি পাঠ্যক্ৰম তেওঁলোক পঢ়াম বুলি কয়, সেই পাঠ্যক্ৰম সম্পূৰ্ণ নকৰে নিৰ্দিষ্ট সময়ত। তেনেকৈয়ে ধন লয় যদিও, পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈয়ে সময় সম্পূৰ্ণ হোৱাৰ লগে লগে ক'চিং চেন্টাৰ এৰিবলগীয়া হয় বহু ছাত্ৰ-ছাত্ৰীয়ে।

অসমৰ ছাত্ৰ-ছাত্ৰীক এইদৰে লুণ্ঠন কৰিবলৈ বাহিৰৰ পৰা অহা ক'চিং চেন্টাৰসমূহে তেওঁলোকৰ সফলতাৰ বিজ্ঞাপন বিভিন্ন মাধ্যমত প্ৰকাশ কৰি ৰাজ্যখনত লুণ্ঠন অব্যাহত ৰাখিছে। অতি শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াক লৈ সচেতন অভিভাৱকসকলে বিশ্বাস কৰিবলৈ লৈছে যে, ক'চিং চেন্টাৰত নামভৰ্তি কৰিলেহে তেওঁলোকৰ সন্তানে অভিযন্তা বা চিকিৎসক হ'ব পাৰিব।

এ পি এছ চি পৰীক্ষাৰ ক্ষেত্ৰতো কেবাটাও ক'চিং চেন্টাৰ স্থাপন হৈছে গুৱাহাটীত। ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়সমূহেও এই ব্যৱসায়ত নতুনকৈ হাত উজান দিছে। মুঠৰ ওপৰত ক'চিং চেন্টাৰৰ নামত এতিয়া এফালে ছাত্ৰ-ছাত্ৰীক ল ভাল ব্যৱসায় আৰু আনফালে ধন উপাৰ্জনৰ সুন্দৰ উৎস হৈ পৰিছে একাংশৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in