কটন বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ জৰুৰী বৈঠক, অনুষ্ঠিত নহয় স্নাতক পৰ্যায়ৰ দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা…

ফাইল ফটো
ফাইল ফটো
  • বৃহস্পতিবাৰে অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ জৰুৰী বৈঠক।
  • এই বৈঠকত গ্ৰহণ কৰা হয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • অনুষ্ঠিত নহয় স্নাতক পৰ্যায়ৰ ২য় আৰু ৪ৰ্থ ষাণ্মাসিকৰ পৰীক্ষা।
  • বিচিএ আৰু এমচিএৰ ২য় আৰু ৪ৰ্থ ষাণ্মাসিকৰো পৰীক্ষা অনুষ্ঠিত কৰা নহয়।
  • স্নাতকোত্তৰ পাঠ্যক্রমৰ ২য় ষাণ্মাসিকৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত।
  • এই ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা অবিহনেই পৰৱৰ্তী ষাণ্মাসিকলৈ উন্নতি কৰাৰ সিদ্ধান্ত গ্ৰহণ।
  • পূৰ্বৰ ষাণ্মাসিকৰ ৫০% ৱেইটেজ (Weightage)ৰ ভিত্তিত কৰা হ'ব পৰৱৰ্তী ষান্মাসিকলৈ উন্নতি।
  • ৩ আগষ্টৰ পৰা আৰম্ভ হ'ব নতুন ষাণ্মাসিকৰ অনলাইন পাঠ্যক্রম।
  • কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্রেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে।
  • ইউ জি চিৰ নিৰ্দেশনা অনুসৰি গ্রহণ কৰা হৈছে এই সিদ্ধান্তসমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in