কোৰোনা ভাইৰাছত আক্ৰান্তৰ মাজত ২০০০ আইফ’ন বিতৰণ!

কোৰোনা ভাইৰাছত আক্ৰান্তৰ মাজত ২০০০ আইফ’ন বিতৰণ!

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত আক্ৰান্ত ২০০০ লোকক জাপান চৰকাৰে প্ৰদান কৰিলে একোটাকৈ আইফ'ন। 'ডাইমণ্ড প্ৰিন্সেছ' নামৰ এখন জাহাজত আবদ্ধ হৈ থকা কোৰোনা ভাইৰাছ আক্ৰান্ত যাত্ৰীক প্ৰদান কৰা হৈছে এইসমূহ আইফ'ন। উল্লেখ্য যে, এখন ক্ৰুইজ জাহাজত কিছুদিন পূৰ্বে কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পৰাই জাহাজখনৰ পৰা যাত্ৰীসকলক নামিবলৈ দিয়া হোৱা নাই।

আইফ'নসমূহৰ জৰিয়তে কোনো লোকে চিকিৎসকৰ পৰামৰ্শ, ঔষধ ক্ৰয়, চিকিৎসকৰ সৈতে ৰোগ সন্দৰ্ভত আলোচনা ইত্যাদি কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে। জাহাজখনৰ পৰা নমা ৩৫০ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি পোহৰলৈ অহাৰ পিছতে জাপান চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

জাপানৰ স্বাস্থ্য বিভাগে প্ৰদান কৰিছে এইসমূহ আইফ'ন। যাত্ৰীসকলে চিকিৎসকৰ সৈতে আলোচনা কৰা বা পৰামৰ্শ ল'ব পৰাকৈ এটা এপ্লিকেশ্যন ইনষ্টল কৰা আছে মোবাইলটোত। বৰ্তমান প্ৰায় ৩৭০০ লোক আছে জাহাজখনত। জাপানৰ স্বাস্থ্য বিভাগে এনে লক্ষ্য লৈছে যাতে জাহাজখনত থকা প্ৰতিটো কেবিনতে অন্তত এটা আইফ'ন থাকিব পাৰে। উল্লেখ্য যে, চীনত বৰ্তমান লৈকে প্ৰায় ২০০০ৰো অধিক লোকে কোৰোনা ভাইৰাছৰ বাবে প্ৰাণ হেৰুৱাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in