কোৰোনা ভাইৰাছৰ পৰা অসমত আৰোগ্য হৈছে ৩,৫৬৫ জন লোক, মৃত্যু হৈছে ৯জনৰ…

কোৰোনা ভাইৰাছৰ পৰা অসমত আৰোগ্য হৈছে ৩,৫৬৫ জন লোক, মৃত্যু হৈছে ৯জনৰ…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনাত আক্ৰান্ত হৈ যোৱা ২৪ ঘন্টাত ৩১২ গৰাকী লোকে প্ৰাণ হেৰুৱালে। ইফালে নতুনকৈ আক্ৰান্ত হ'ল ১৪,৯৩৩ গৰাকী লোক। আনহাতে অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা ৫,৮৫৩ গৰাকীলৈ বৃদ্ধি পাইছে। ঠিক তেনেদৰে অসমত কোৰোনাৰ ফলত মৃত্যু হৈছে ৯ জন লোকৰ।

অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হোৱা ৩,৫৬৫ গৰাকী লোক আৰোগ্য হৈছে। আনহাতে ভাৰতত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৪,০১৫জনলৈ। ঠিক তেনেদৰে ভাৰতত এতিয়ালৈকে কোৰোনাত মুঠ আক্ৰান্ত হৈছে ৪,৪০,৬৮৫ গৰাকী লোক। ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ২,৪৮,১৪০ গৰাকী লোক। এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ১,৭৮,৪৭৯ গৰাকী লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in