কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ নহয় মৰণোত্তৰ পৰীক্ষা, দিয়া নহয় পৰিয়ালক মৃতদেহ…

কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ নহয় মৰণোত্তৰ পৰীক্ষা, দিয়া নহয় পৰিয়ালক মৃতদেহ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ মৃত্যু ঘটিলে তেনে লোকৰ মৃতদেহ পৰিয়ালক গতাই নিদিয়ে চৰকাৰে। এই সিদ্ধান্ত লৈছে পশ্চিমবংগৰ চৰকাৰে। ৰাজ্যখনত সোমবাৰে এজন ৫৭ বছৰীয়া লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

এই লোকজনৰ মৃতদেহ গতাই দিয়া নহ'ল পৰিয়ালক। ইতিমধ্যে ভাৰত চৰকাৰেও এই সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিছে ৰাজ্যসমূহলৈ। যিহেতু এই ভাইৰাছ চিকিৎসা কৰ্মীৰ দেহলৈ সংক্ৰমণ হ'ব পাৰে সেয়েহে মৰণোত্তৰ পৰীক্ষা নকৰাৰো সিদ্ধান্ত লোৱা হৈছে।

ইফালে, কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হ'লে মৃতদেহৰ ওচৰলৈ পৰিয়ালৰ সদস্য বা আন লোকক যাবলৈ দিয়া নহয়। অৰ্থাৎ কোৰোনা ভাইৰাছত কোনো আত্মীয়ৰ মৃত্যু হ'লে শেষবাৰৰ বাবে তেওঁৰ মুখ দৰ্শনৰ পৰাও বিৰত থাকিব লাগিব পৰিয়াল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in