আকৌ হ’ব নেকি লকডাউন, ৮ এপ্ৰিলত প্রধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত কোৰোনাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কোৰোনাৰ তৃতীয় ঢৌৱে চিন্তিত কৰি তুলিছে চৰকাৰক। এদিনতে ১ লাখৰো অধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৮ এপ্ৰিলত আয়োজন কৰিছে এক গুৰুত্বপূৰ্ণ বৈঠক।

দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে কোৰোনাৰ তৃতীয় ঢৌৰ প্ৰতিৰোধৰ বাবে ল'ব লগা ব্যৱস্থা সমূহৰ সন্দৰ্ভত এক বৈঠকত মিলিত হ'ব। ভিডিঅ' কনফাৰেন্সযোগে প্রধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰিব এই বৈঠকত।

ইফালে, মহাৰাষ্ট্ৰত কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন প্ৰৱৰ্তন কৰাৰ লগতে কোভিড প্ৰট'ক'লৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে প্রধানমন্ত্ৰীলৈ পত্ৰ লিখি ২৫ বছৰ উৰ্ধৰ সকলো লোককে কোভিড ভেকচিন দিয়াত অনুমতি দিবৰ বাবে এক পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ বিশ্বতে পুনৰ কোভিড সংক্ৰমণে চিন্তিত কৰি তুলিছে।

বাংলাদেশত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ লকডাউন দিয়া হৈছে বুলি জানিব পৰা গৈছে। অসমতো নলবাৰী জিলাৰ পাছত যোৰহাট জিলাত কোভিডৰ বাবেই ১৪৪ ধাৰা জাৰি কৰা হৈছে।

পঞ্জাৱতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে। দিল্লীত যোৱা ২৪ ঘন্টাত ৩৫৪৮জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰাৰ লগতে ১৫জন লোকৰ মৃত্যু হৈছে কোভিডত। গুজৰাটত ৩১৬০জন লোকৰ দেহত কোভিড ধৰা পৰাৰ উপৰিও ১৫জন লোকৰ কোভিড সংক্ৰমণত মৃত্যু হৈছে।

কোভিড সংক্ৰমণৰ এই ভয়ংকৰ ৰূপৰ পাছত দেশত পুনৰ লকডাউন দিয়াৰ আশংকাই দেখা দিছে। অৱশ্যে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লকডাউনৰ সলনি বিকল্প চিন্তা চৰ্চাৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে।

এইখিনিতে লক্ষণীয় যে অসমকে ধৰি ৫ ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে। সেই ৰাজ্য কেইখনত কোভিডৰ প্ৰট'কল মানি নচলা অভিযোগ উত্থাপন হৈছে। বিশেষকৈ অসমত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত কোভিড সংক্ৰমণৰ ঘটনা সংঘটিত হোৱা নাই বুলি কৰা মন্তব্যৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in