ৰাছিয়াই উদ্ভাৱন কৰিলে কোৰোনাৰ ভেকচিন…

ৰাছিয়াই উদ্ভাৱন কৰিলে কোৰোনাৰ ভেকচিন…

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনাৰ ভেকচিনকলৈ বিভিন্ন সুত্ৰত চলি থকা সকলো জল্পনা কল্পনাৰ অন্ত পেলাই এক চমক দিবলৈ সক্ষম হৈছে ৰাছিয়াই। ইতিমধে এই ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ কৰিছে বুলিও খবৰ ওলাইছে। দেশখনৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান চুচেনাৱ বিশ্ববিদ্যালয়ৰ দাবী তেওঁলোকে কোৰোনা ভাইৰাছৰ ভেকচিন তৈয়াৰ কৰি উলিয়াইছে।

বিশ্ববিদ্যালয়খনৰ মতে ভেকচিনটোৰ সকলো ধৰণৰ পৰীক্ষা ইতিমধ্যে সফলতাপূৰ্বকভাৱে সমাপন হৈছে। যদি ৰাছিয়াৰ এই বিশ্ববিদ্যালয় খনৰ এই তথ্য সঁচা প্ৰমাণিত হয় তেনেহ'লে এইটোৱেই হ'ব মাৰাত্মক কোৰোনা ভাইৰাছৰ প্ৰথম ভেকচিন। উল্লেখ্য যে ভাৰত, আমেৰিকাৰ লগতে পৃথিৱীৰ আটাইবোৰ আগশাৰীৰ দেশে মহামাৰী কোৰোনা ভেকচিন নিৰ্মানকলৈ নিজৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সুত্ৰত প্ৰকাশ পোৱা অনুসৰি যোৱা ৮ জুন তাৰিখে ভেকচিনটোৰ পৰীক্ষণৰ কাম আৰম্ভ হৈছিল।

Institute for Translational Medicine and Biotechnology ৰ সঞ্চালক ৱদিম টাৰাছুভৰ মতে ৰাছিয়াৰ Gamaleya Institute, of epidemiology and microbiology research centre য়ে নিৰ্মাণ কৰা ভেকচিনটোৰ ১৮ জুলাই তাৰিখে পৰীক্ষণ কৰা হৈছিল। আৰু শেহতীয়াকৈ মানৱ শৰীৰত ভেকচিনটো প্ৰদাণ কৰি তাৰ সুফল পোৱা বুলি দাবী কৰিছে ৰাছিয়াই। সকলো ঠিকে ঠাকে থাকিলে কোৰোনাৰ মাৰাত্মক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভেকচিনটো অতি শীঘ্ৰেই বজাৰত মুকলি কৰা হ'ব বুলি জনাইছে ৰাছিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in